অসম সেৱা (পেঞ্চন) নিয়মাৱলীৰ সংশোধনী, ১৯৬৯ ৰ অধীনত মৃত চৰকাৰী কৰ্মচাৰী পৰিয়ালসমূহক আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে।
এই সিদ্ধান্তৰ বৈশিষ্ট্য সমূহ হৈছে ক্ৰমেঃ
👉🏻 সেৱাত নিয়োজিত থকা অৱস্থাত মৃত চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে মৃতকৰ দ্বাৰা উলিওৱা শেষ দৰমহাৰ ১০০ শতাংশ উলিয়াব পাৰিব যিটো মৃতকৰ অৱসৰৰ সময়লৈকে অব্যাহত থাকিব।
👉🏻 অৱসৰৰ নিৰ্ধাৰিত বয়স পূৰ্ণ হোৱাৰ পিছত চি এফ পিক স্বাভাৱিক পৰিয়াল পেঞ্চনলৈ ৰূপান্তৰিত কৰা হ’ব-মৃত কৰ্মচাৰীৰ ৬৭ বছৰ বয়সলৈকে চি এফ পি ৫০ শতাংশ নিৰ্ধাৰণ কৰা হ’ব। এই ৭ বছৰৰ ভিতৰত স্বাভাৱিক পেঞ্চন সংশোধনৰ লগে লগে স্বাভাৱিক পৰিয়াল পেঞ্চনো সময়ে সময়ে সংশোধন কৰা হ’ব।
👉🏻 ৭ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত স্বাভাৱিক পৰিয়াল পেঞ্চন ৫০ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰা হ’ব।
👉🏻 এই পদক্ষেপৰ দ্বাৰা ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ লগতে সৰ্বভাৰীয় সেৱা বিষয়া (অসম কেডাৰ) ক লাভান্বিত কৰিব।