৯০ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু হঠাৎ হেৰাই যোৱা এটা নাম হৈছে মহিমা চৌধুৰীৰ। কেৰিয়াৰৰ আৰম্ভণিতেই অভিনেত্ৰী গৰাকীয়ে কেইবাগৰাকীও জনপ্ৰিয় তাৰকাৰ সৈতে অভিনয়ৰ সুবিধা লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ৰ তেওঁ হঠাৎ হেৰাই গৈছিল আৰু তেওঁক কোনো ছবি অথবা কোনো অইন প্ৰকল্পৰ সৈতে দৰ্শকৰ উপভোগ কৰিবলৈ পোৱা নাছিল।
বৈবাহিক জীৱনত সোমোৱাৰ পিছৰেই পৰা মহিমা চৌধুৰীয়ে নিজৰ জীৱনত বিভিন্ন খেলি-মেলিৰ সন্মুখীন হোৱা বুলি তেওঁ নিজেই ব্যক্ত কৰিছে। তেওঁ কৈছিল যে, “মোৰ বিবাহ ভঙাৰ ক্ষেত্ৰত কিছু সৰু সৰু কাৰণ আছিল। মোৰ স্বামীৰ সৈতে প্ৰায়ে কাজিয়া হৈছিল, যিবোৰ কাজিয়াৰ বিষয়ে মই অইনৰ আগত কেতিয়াও প্ৰকাশ কৰা নাছিলো। মোৰ দুবাৰকৈ গৰ্ভপাত হৈছিল যদিও মই সেই সময়খিনিত স্বামীৰ সঁহাৰি পোৱা নাছিলো; মই মানসিক ভাৱে সুস্থিৰ হ’ব পৰা নাছিলো।”
অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মোৰ বেয়া সময়ত মোক সঁহাৰি জনোৱা মুখ্য দুগৰাকী ব্যক্তি আছিল মোৰ মাতৃ আৰু মোৰ ভগ্নী।” আনকি মহিমা চৌধুৰীয়ে নিজ ছোৱালী জনীক ডাঙৰ-দীঘল কৰিবলৈ তেওঁৰ মাতৃৰ ওচৰত নিজ ছোৱালী জনীক থৈ আহিছিল।
ববী মূখাৰ্জীয়ে প্ৰতিটো সৰু কথাত কাজিয়া কৰাৰ বাবে মহিমা চৌধুৰীয়ে সেই ঠাইত নিজ ছোৱালীজনীক ৰাখিবলৈ বিচৰা নাছিল আৰু পিছলৈ তেওঁৰ মাতৃৰ বিয়োগ হোৱাত তেওঁ আকৌ হতাশাৰ মাজলৈ ঘূৰি গৈছিল। তেওঁ নিজেও প্ৰকাশ কৰিছে যে “মাৰ বিয়োগৰ পিছত মোক কোনোবাই যদি সৰুকৈও কিবা এটা কৈছিল মই তেতিয়াই কান্দি পেলাইছিলো।” উল্লেখ্য যে, ২০০৬ চনত মহিমাৰ ববীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কিন্তু পিছলৈ দুয়োৰে বিবাহ-বিচ্চেদ হয়।