কৰণ জোহৰৰ ৰিয়েলিটি শ্ব’ “Koffee With Karan 7” ৰ শেহতীয়া খণ্ডটোত “লাল সিং চাড্ডা” ছবিখনৰ তাৰকা আমিৰ খান আৰু কৰীণা কাপুৰ উপস্থিত আছিল। অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি, কৰণে কাৰোবাৰ প্ৰেম জীৱনৰ সৈতে সম্পৰ্কিত অথবা পেছাদাৰী নহ’লে তাৰকা সকলৰ ছবিসমূহৰ সৈতে সম্পৰ্কিত প্ৰশ্ন কৰে। আমিৰ আৰু কৰীণাকো একে ধৰণৰ কিছুমান প্ৰশ্ন সোধা হৈছিল, যাৰ উত্তৰত আমিৰ খানে এনে ভুল কৰিছিল, যাৰ ফলত ছ’চিয়েল মিডিয়াত তেওঁ বেয়াকৈ ট্ৰ’ল হৈ আছে।
কৰণ জোহৰে আমিৰ খান আৰু কৰীণা কাপুৰক প্ৰশ্ন সুধি আছিল। খেল অনুসৰি, যিজনে প্ৰথম বাজাৰ টিপিব তেওঁ প্ৰথমে উত্তৰ দিবলৈ সময় পাব। এই ৰাউণ্ডত, যেতিয়া কৰণে সুধিছিল যে ভাৰতীয় ক্ৰিকেট দলৰ তিনিজন খেলুৱৈৰ নাম উল্লেখ কৰিব লাগে তেতিয়া আমিৰে প্ৰথমে উত্তৰ দিবলৈ বাজাৰ বজাইছিল। তেওঁ বিৰাট কোহলীৰ নাম প্ৰথমে লৈছিল কিন্তু দ্বিতীয় বাৰত অভিনেতাগৰাকীয়ে ৰোহিত চেট্টীৰ নাম লয়। যিটো শুনি কৰীণাই জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে, আমিৰে সোনকালেই তেওঁৰ ভুল সংশোধন কৰি কৈছিল – ৰোহিত শৰ্মা।
Aamir Khan in #KoffeeWithKaran 😭😭 dude !! pic.twitter.com/yz1MVqtCCu
— A N K I T (@Ankitaker) August 4, 2022
“SUPER 30 WAS HRITHIK.”
Okay, guys I just got my Hrithik-Kareena moment 😂❤️#KareenaKapoor #HrithikRoshan #AamirKhan #KoffeeWithKaran #KoffeeWithKaranS7 #KoffeewithKaranSeason7#KoffeeWithKaranS7 pic.twitter.com/QR6NU6dB0v
— Minakshi Rawat (@RawatMinakshi2) August 4, 2022
আমিৰ খান ইয়াতে ৰৈ যোৱা নাছিল। তেওঁ আকৌ এবাৰ এনে ভুল কৰিছিল, এইবাৰ কৰণে অক্ষয় কুমাৰৰ দুখন ছবিৰ নাম ক’বলৈ কৈছিল, আমিৰে বাজাৰটো টিপিছিল আৰু উত্তৰত কৈছিল প্ৰথম চলচ্চিত্ৰ “খিলাড়ী” বুলি কয় আৰু দ্বিতীয় খন ছবিৰ নামত তেওঁ ‘চুপাৰ ৩০’ ৰ নাম লয়। কৰীণা আৰু কৰণে এইটো শুনি আচৰিত হৈছিল কাৰণ সকলোৱে জানে যে এই ছবিখন হৃত্বিক ৰোশনৰ। আমিৰক এতিয়া ইয়াৰ বাবে সামাজিক মাধ্যমত বহুত ট্ৰ’ল কৰা হৈছে।