চাৰিজন ভাই-ভনী। দুজন ভায়েক, দুগৰাকী ভনীয়েক। যোগেশ ডাঙৰ, ক্ষমা মাজু, মাধুৰী সৰু আৰু লোকেশ সকলোতকৈ সৰু। মধ্যবিত্ত পৰিয়ালৰ পৰা অহা পৰিয়ালটোৰ ভায়েক-ভনীয়েকৰ মাজৰ তিনিজন IAS বিষয়া আৰু এজন IPS বিষয়া। একেটা পৰিয়ালৰে ভাই-ভনী সকলোকেইজন IAS-IPS, ই সচৰাচৰ দেখা নাযায়। কিন্তু উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ উক্ত পৰিয়ালটোৰ ভায়েক-ভনীয়েকে এই অসাধ্য সাধননেই কৰি দেখুৱালে।
যোগেশ-ক্ষমাৰ পিতৃ অনিল প্ৰকাশ মিশ্ৰ গ্ৰামীণ বেংকৰ মেনেজাৰ। এটা ডাঙৰ পৰিয়াল চলাই থকাৰ সময়তো কিন্তু তেওঁ কেতিয়াও সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল। এই সন্দৰ্ভত অনিলে কয়, “গ্ৰামীণ বেংকৰ মেনেজাৰ হোৱাৰ পিছতো মই কেতিয়াও শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাই। মই সদায় বিচাৰিছিলো সিহঁতে এটা ভাল চাকৰি পাওক। তেওঁলোকেও সদায় পঢ়া-শুনাৰ প্ৰতি অধিক মনোযোগ দিছিল।”
অনিলৰ ডাঙৰ পুত্ৰ যোগেশ এজন IAS বিষয়া। লালগঞ্জৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মতিলাল নেহৰু নেচনেল ইনষ্টিটিউট অৱ টেকনʼলজিৰ পৰা ইঞ্জিনিয়াৰিং কৰিছিল। ইয়াৰ পিছত তেওঁ নয়ডাত চাকৰি এটা পালে। সেই চাকৰি কৰিয়েই তেওঁ UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। ২০১৩ চনত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ IAS হয়।
যোগেশৰ ভগ্নী ক্ষমাই1ও UPSCৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। তিনিবাৰ বিফল হোৱাৰ পিছতো কিন্তু চেষ্টা অব্যাহত ৰাখিছিল। অৱশেষত চতুৰ্থবাৰত উক্ত পৰীক্ষাত উত্তীৰ্ণ হয়। বৰ্তমান তেওঁ IPS বিষয়া। যোগেশৰ আন এগৰাকী ভগ্নী মাধুৰীয়ে লালগঞ্জৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি স্নাতকোত্তৰৰ বাবে এলাহাবাদলৈ গৈছিল।
স্নাতক হোৱাৰ পিছত তেওঁ UPSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ২০১৪ চনত ঝাৰখণ্ডৰ কেডাৰৰ IAS হয় তেওঁ। যোগেশৰ ভাতৃ লোকেশেও ২০১৫ চনত UPSCত উত্তীৰ্ণ হয় আৰু তেওঁ বিহাৰ কেডাৰৰ IAS।চাৰিটা সন্তানৰ সফলতাত উৎফুল্লিত অনিলে কয়, “ইয়াতকৈ আৰু কি বিচাৰিব পাৰো? মোৰ সন্তান মোৰ বাবে গৌৰৱ।”