আজি বিয়লি প্ৰায় ১-৩০ মান বজাত ডিফু-মাঞ্জা পথৰ অসম ৰাইফলচৰ ১নং গেইটৰ সমীপত এক ভয়াবহ পথ দুৰ্ঘটনা সংধটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসিৰ AS-01 BV 5473 নম্বৰৰ বগা ৰঙৰ ক্ৰেটা গাড়ী আৰু AS 09 AC 9521 নম্বৰৰ যাত্ৰীবাহী অট’ কিক্সাৰ সৈতে হোৱা সংঘৰ্ষত যাত্ৰীবাহ অট’ৰিক্সাখনৰ চালকসহ তিনিজন লোক গুৰুতৰভাবে জখম হয় ৷
আহত যাত্ৰীসকলক তৎক্ষণাত এম্বুলেন্স যোগে ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু থানাৰ আৰক্ষী ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাৰ দুয়োখন বাহন উদ্ধাৰ কৰি ডিফু থানালৈ আনে ৷ গুৰুতৰভাৱে আহত লোক তিনিজন ক্ৰমে, অট’ৰিক্সাখনৰ চালক সঞ্জীৱ দাস (৩২), যাত্ৰী দুজন ক্ৰমে, মানাই তিমুঙপী (৩২) আৰু সুৰভি কলিতা (২৬) বুলি চিনাক্ত কৰা হৈছে ৷
আনহাতে ক্ৰেটাখনত থকা ভাগ্যৰাজ ব্ৰক্ষ্ম (১৯) আৰু নং এহ বে’ (২০)ও বুকুত সামান্যভাবে জখম প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষদৰ্শী সন্ধান নোপোৱাৰ বাবে বাতৰি লিখা পৰলৈকে পথদুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷