কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন সভাত আজি ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধনৰ শীৰ্ষক উপায়ুক্ত দিবাকৰ নাথে সংবাদ মেলত সম্বোধন কৰে। তেওঁ কয় এতিয়াৰ পৰা প্ৰতিবছৰে ভাৰতীয় নাগৰিকে নিজৰ নাম ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ 4 টাকৈ সুবিধা লাভ কৰিব।
1 আগষ্টৰ পৰা আথাৰ লিংগ হব। এই অনুসৰি Form 6 ত ভোটাৰ পঞ্জীয়ন, Form 8 ত সংশোধন, Form 7ত নাম কৰ্তন আৰু Form 6 (B) ৰ জৰিয়তে ভোটাৰ আই ডি লগত আথাৰ লিংগ কৰিব পাৰিব বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰি 17 বছৰ বয়স পাৰ হৈ 18 বছৰত সোমোৱা যুৱক যুৱতী য়েও আগতীয়াকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব বুলি সদৰি কৰে। সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত ৰাজেচন তেৰাং আৰু নিৰ্বাচন বিষয়া ও উপস্থিত থাকে।