![]()
পুনৰ অস্বস্তিত চলমান খান। এটাৰ পিছত এটা ভাবুকিত উৎপীড়িত হৈছে বলিউডৰ ভাইজান। কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ গেঙৰ তৰফৰ পৰা আকৌ ভাবুকি আহিছে তেওঁলৈ। প্রায় এক মাহৰ পৰা ঘনে ঘনে ভাবুকি পত্ৰ পাযই থকাত স্বাভাবিকভাবেই দুশ্চিন্তাত তেওঁ। সেই কাৰণেই ঈদ উপলক্ষে ‘গেলেক্সি’ৰ এপার্টমেন্টৰ বাহিৰত ভক্তসকলক দেখা দিয়া নাই অভিনেতাগৰাকীয়ে! তাকে লৈ এতিয়া বাঢ়িছে জল্পনা।
এইবাৰ ভাবুকি এটি হৰিণ হত্যাক কেন্দ্র কৰি দিয়া হৈছে। কিছু বছৰ আগতে এটি কৃষ্ণসাৰ হৰিণ হত্যাৰ অভিযোগ উঠিছিল চলমান খানৰ বিৰুদ্ধে। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ খবৰ মতে, ১০ জুলাইত সেই হৰিণ হত্যাক কেন্দ্র কৰি ভাবুকি পত্ৰ পাইছে চলমানে। এই হৰিণ হত্যাৰ পিছতেই চলমানক শত্রু হিচাপে গণ্য কৰে লৰেন্সে। চিঠিত ভাইজানক বহুত কঠোৰভাবে সেই হত্যাৰ কাৰণে তেওঁক ক্ষমা কৰা নহ’ব বুলি কোৱা হৈছে।
উল্লেখ্য, পঞ্জাবী সঙ্গীত শিল্পী তথা কংগ্রেছ নেতা মুচেৱালা হত্যাকাণ্ডৰ অপৰাধ স্বীকাৰ কৰিছে কানাডাৰ কুখ্যাত এই গেংষ্টাৰজনে। এই ঘটনাৰ পিছত চলমান খানৰ লগতে তেওঁৰ দেউতাককো হত্যাৰ ভাবুকি দিয়া হৈছিল। তাৰ পিছত ভাইজানৰ নিৰাপত্তাও বঢ়াই দিয়া হৈছিল। অৱশ্যে চলমানে কোনো ভাবুকি পত্ৰ পোৱা নাই বুলি প্ৰকাশ কৰিছে।













