আজি চিৰাং জিলাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা সম্পৰ্কত বুজ ল’বলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই উপস্থিত হয় জিলাখনত।
বান-খহনীয়াৰ লগতে ভূটানৰ পৰা বৈ অহা কল-কাৰখানাৰ বিষাক্ত পানীয়ে চিৰাং জিলাৰ অঞ্চল সমূহত কৰা ক্ষতি ৰোধ কৰিবলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ হেতু ক্ষিপ্ৰতাৰে আঁচনি হাতত লোৱাৰ উদ্দেশ্যে পুনৰ বাৰ চিৰাং জিলালৈ অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে তেখেতে।
চিদলী বিধানসভা সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। আজি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা হেলিকপ্টাৰ যোগে জিলাখনত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।