![]()
কৰ্ণাটক, মুম্বাইৰ পিছত বৰষুণত বিধ্বস্ত হৈ পৰিছে গুজৰাট। সোমবাৰে ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটৰ একাধিক অঞ্চল পানীত ডুব যোৱাৰ লগতে ৭ জনকৈ লোকে মৃত্যুক আকোঁৱালি লয়।
ৰাজ্যখনৰ অধিকাংশ নদী আৰু জলাশয় বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাৰ ফলত সৃষ্টি হৈছে বান পৰিস্থিতি। অহা ৫ দিনত কেইবাখনো জিলাত অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে জানিবলৈ দিয়ে৷ এনে অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি সাহায্যৰ আশ্বাস প্ৰদান কৰে৷
ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে কয়, “যোৱা ২৪ ঘণ্টাত ৭ জন লোকৰ মৃত্যু হৈছে। ১ জুনৰ পৰা ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৬৩ জন লোকে মৃত্যুক সাবটি লৈছে। ইতিমধ্যে ৯ হাজাৰ লোকক স্হানান্তৰিত কৰাৰ লগতে ৪৬৮ জন লোকক উদ্ধাৰ কৰা হৈছে৷”
আহমেদাবাদত দেওবাৰৰ নিশাৰ বৰষুণে অভিলেখ সৃষ্টি কৰে৷
বৰ্তমানেও বিভিন্ন অঞ্চল ডুব গৈ থকাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা গুজৰাটত বন্ধ কৰি দিছে সকলো বিদ্যালয়-মহাবিদ্যালয়। গুৰুত্বপূৰ্ণ কথা এই যে বৰষুণৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দক্ষিণ আৰু মধ্য গুজৰাট। দেশৰ কেইবাটাও প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে। ৰে’ল চলাচলতো ব্যাঘাত জন্মিছে৷
বাতিল কৰা হৈছে একাধিক ৰে’ল। মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই পৰিস্থিতিত গুজৰাটক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।










