![]()
গ্রীষ্মকালীন ছুটী শেষ হৈছে। আদালত খোলাৰ প্রথম দিনাখনেই সৃষ্টি হ’ল ইতিহাস। সোমবাৰে এদিনতে ৪৪টা গোচৰৰ ৰায়দান কৰা হ’ল ছুপ্রিম কোর্টত। যাৰ ভিতৰত ২০টা গোচৰৰ ৰায় কেৱল ন্যায়াধীশ এমআৰ শ্বাহেই দিছে।
বিগত ২৩ মে’ৰ পৰা ১০ জুলাই পর্যন্ত ছুপ্রিম কোর্টত গ্রীষ্মকালীন ছুটী আছিল। ১১ জুলাই অর্থাৎ সোমবাৰে আদালত খোলোতেই আদালতত শুনোৱা হয় এটাৰ পিছত আন এটা গোচৰ। ফৌজদাৰী গোচৰৰ পৰা জনস্বার্থ, বেঙ্কিং লগতে বাণিজ্যিক বিষয়ৰ পৰা আদি কৰি আদালতৰ অৱমাননা কৰা— কি নাই সেই তালিকাত! তাৰেই ভিতৰত ৪৪টা গোচৰৰ ৰায় দিয়ে বিভিন্ন ন্যায়াধীশৰ মেজত।
এদিনত ইমানবিলাক গোচৰৰ ৰায় সাম্প্রতিক সময়ত নজিৰবিহীন বুলি কৈছে আইনৰ বিশেষজ্ঞসকলে। তেওঁলোকৰ দাবী, দীর্ঘ অৱকাশৰ ফলত বিভিন্ন গোচৰ পঢ়া-শুনা কৰিব সময় পাইছে বিচাৰকসকলে। সেয়ে ছুটীৰ প্ৰয়োজন। এই মত দিয়ে ছুপ্রিম কোর্টৰ অৱসৰপ্রাপ্ত প্রধান ন্যায়ড8 কেজি বালকৃষ্ণণে।
সংবাদ মাধ্যমক তেওঁ কয়, ‘‘অৱকাশ থাকিলে ৰায়দানৰ সুবিধা হয়। বিভিন্ন বিষয়ত গৱেষণাৰ সময় পায় ন্যায়াধীশসকলে। তাৰ প্রতিফলন ঘটে শুনানিত।’’ এদিনতে ৪৪টা গোচৰৰ ৰায়ৰ ঘটনাত ন্যায়াধীশসকলক ভূয়সী প্রশংসা কৰে অৱসৰপ্রাপ্ত প্রধান ন্যায়াধীশজনে।












