হিন্দী চলচ্চিত্ৰত বাদশ্বাহ নামেৰে জনাজাত অভিনেতা শ্বাহৰুখ খানে শেহতীয়াকৈ বলীউড ক্ষেত্ৰখনত তিনি দশকৰ যাত্ৰা সম্পূৰ্ণ কৰিছে। এই তিনিটা দশকত, শ্বাহৰুখে ৰোমাঞ্চৰ পৰা কৌতুক আৰু আৱেগিকলৈকে সকলো ধৰণৰ চৰিত্ৰত নিজ অভিনয় দক্ষতা উদযাপন কৰিছে, আৰু চিনে প্ৰেমীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
অৱশ্যে, ইমান দীঘলীয়া কেৰিয়াৰ স্বত্বেও শ্বাহৰুখে কেমেৰাৰ সন্মুখত এটা কাম কৰাৰ পৰা বিৰত থাকে, সেয়া হ’ল জোৰেৰে হঁহাটো।
শ্বাহৰুখে কয় যে, “মই এগৰাকী অতি লাজকুৰীয়া ব্যক্তি, সেয়েহে এনে বহুতো দৃশ্য আছে যিবোৰ মই কৰিব নোৱাৰো। মই মোৰ প্ৰযোজক আৰু পৰিচালকসকলক অনুৰোধ জনাইছিলোঁ মোৰ চলচ্চিত্ৰত এনে দৃশ্য নাৰাখিবলৈ। মই এনে দৃশ্য বোৰ কৰিবলৈ অস্বস্তি অনুভৱ কৰোঁ। মোৰ বাবে, পৰ্দাত হাঁহিৰ দৃশ্যবোৰ কৰাটো এটা অতি অস্বস্তিকৰ পৰিস্থিতি। মই এনে দৃশ্য কৰা পৰিহাৰ কৰোঁ য’ত মই হাঁহিব লাগিব। পৰ্দাত হাঁহি মই বাস্তৱ অনুভৱ নকৰোঁ, মই ভাবো মই এইটো কৰিব নোৱাৰো।”
নিজৰ কথা অব্যাহত ৰাখি শ্বাহৰুখ খানে কয় যে, “মোৰ মনত আছে “কুছ কুছ হোতা হে” ছবিখনত কাজলৰ সৈতে বাস্কেটবল খেলি থকা এটা দৃশ্য আছিল য’ত মই হাঁহিব লগা হৈছিল। সেই দৃশ্যটোৰ সময়ত মই হাঁহিব পৰা নাছিলো। ইয়াৰ বাবে, কৰণে (পৰিচালক কৰণ জোহৰ) সেই দৃশ্যটোত দুটা সৰু ল’ৰা-ছোৱালীক অন্তৰ্ভুক্ত কৰিছিল, যিয়ে অদ্ভুত ৰূপ তৈয়াৰ কৰে আৰু কয় যে “তুসী যা ৰহে হৌ” যাতে মই সেই দৃশ্যটোত হাঁহিব পাৰো। তেতিয়াৰ পৰা মই শিকিছোঁ যে হাঁহি মোৰ বাবে এটা অতি কঠিন কাম।