এসপ্তাহত তৃতীয়বাৰৰ বাবে শুকুৰবাৰৰ দিনটোত বৰাকলৈ আহিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা হেলিকপ্টাৰযোগে কৰিমগঞ্জলৈ আহি মুখ্যমন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত ৰাতাবাৰী অঞ্চললৈ ৰাওনা হয়।
কালিবাৰীৰ সুভাষ হাইস্কুলৰ আশ্ৰয় শিবিৰৰ লগতে আন ঠাই সমূহত আবদ্ধ বানাক্ৰান্ত সকলৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই বৰ্নাত্যই সময়মতে সাহায্য- সামগ্ৰী লাভ কৰিছেনে নাই তাৰো খবৰে লয়।
এই দিনা মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক বানপানীৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে চৰকাৰে ক্ষিপ্ৰতাৰে পুনৰ্বাসনৰ কাম আৰম্ভ কৰিব পাৰে। পিছত হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী শিলচৰত উপস্থিত হয়। দিনটোত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবাৰুৱা; সাংসদ কৃপানাথ মল্ল; বিধায়ক ভৱেশ কলিতা, বিধায়ক বিজয় মালাকাৰ আৰু বিধায়ক কৃষ্ণেন্দু পাল উপস্থিত থাকে।