মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশৰ সাংঘাতিক সাল-সলনিৰ পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰ পৰা আহি একনাথ চিন্দে সহ আন ৪০ গৰাকী বিধায়কে গুৱাহাটীৰ ৰেডিছন ব্লুত বাহৰ পাতিছে। একনাথ চিন্দেৰ এই বিদ্ৰোহৰ পিছত উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰ সংকটত পৰিছে। তেনেস্থলত, শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰাণাৱটৰ ২০২০ চনৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
কংগনা ৰাণাৱটৰ এই মন্তব্য বিএমচিয়ে মুম্বাইত তেওঁৰ কাৰ্যালয় ভাঙি দিয়াৰ পিছত আহিছিল। কংগনাই কৈছিল, “উদ্ধৱ ঠাকৰে, আপুনি মোৰ ওপৰত প্ৰতিশোধ লৈছে বুলি ভাবিছে নেকি? আজি মোৰ ঘৰটো ভাঙিছে, কাইলৈ আপোনাৰ গৌৰৱ ভাঙিব। যেতিয়া কোনো পুৰুষে নাৰীৰ অপমান কৰে, তেতিয়া তেওঁৰ পতন নিশ্চিত হয়।”
বোম্বাই উচ্চ ন্যায়ালয়ে কঠোৰ ভাষাৰে পিছত কৈছিল যে, বিএমচি বিষয়াই কংগনা ৰাণাৱটৰ বাংলোৰ কিছু অংশ ভাঙি পেলোৱাত এক বিদ্বেষপূৰ্ণ কাৰ্য সংঘটিত কৰিছিল। ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগনা ৰাণাৱটে টুইট কৰিছিল, “যেতিয়া এজন ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে থিয় হয় আৰু জয়লাভ কৰে, ই ব্যক্তিৰ জয় নহয়, গণতন্ত্ৰৰ জয় হয়।”
ADVERTISEMENT
ADVERTISEMENT