কাৰবি আংলং জিলা (KARBI ALONG)ৰ বিভিন্ন মহাবিদ্যালয়ৰ অসামৰিক সেৱা প্ৰত্যাশীসকলৰ মাজত আজি কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী যোগে অসামৰিক সেৱাৰ ‘ইণ্ডিয়া পলিটি’ নামৰ কিতাপ (BOOK) আনুষ্ঠানিকভাবে বিতৰণ কৰে ৷ আজি সন্ধিয়া ডিফুস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মেলন কক্ষত কিতাপখিনি বিতৰণ কৰে ৷
অসামৰিক সেৱা প্ৰত্যাশীসকলৰ সৈতে জিলা উপায়ুক্ত দিবাকৰ নাথে মত-বিনিময় কৰাৰ লগতে অসামৰিক সেৱা পৰীক্ষাৰ বাবে কেনেকৈ সাজু হ’ব লাগে ৷ কেনেদৰে অধ্যয়ণ আৰু নিজকে সম্পূৰ্ণ আত্মবিশ্বাসী কৰি তুলিব পাৰি তাৰ ওপৰত উপায়ুক্তগৰাকীয়ে অনুপ্ৰেৰণামূলক পৰামৰ্শ আগবঢ়ায় ৷
ইয়াৰোপৰি অতিৰিক্ত উপায়ুক্ত ধীৰজ কুমাৰ জৈন আৰু সহকাৰী উপায়ুক্ত গুঞ্জন শৰ্মাই বহুমূলীয়া বক্তব্য ৰাখী অসামৰিক সেৱা প্ৰত্যাশীসকলক অনুপ্ৰাণিত কৰে ৷
সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্ত দিবাকৰ নাথে কয়যে, বিগত মে মাহত তেওঁ কাৰবি আংলঙৰ বিভিন্ন মহাবিদ্যালয়লৈ গৈ অসামৰিক সেৱা প্ৰত্যাশী সকলৰ সৈতে মত-বিনিময় কৰি প্ৰত্যাশীসকলক জিলা উপায়ুক্তক মাতি এখন কিতাপ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি মৰ্মেই আজি এক মত বিনিময় অনুষ্ঠানত উক্ত প্ৰত্যাশীসকলৰ মাজত ‘ইণ্ডিয়া পলিটি’ নামৰ কিতাপখন বিতৰণ কৰে ৷ প্ৰত্যাশীসকলে চাৰি মাহৰ ভিতাৰত উক্ত কিতাপ পঢ়ি সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে বুলি কয় ৷
ইয়াৰ পিছত পুনৰ আন এখন কিতাপ প্ৰদান কৰিব বুলি কয় উপায়ুক্ত গৰাকীয় ৷ আজি ডিফু চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী বালিকা মহাবিদ্যালয় আৰু ডনবস্ক’জুনিয়ৰ কলেজৰ ৮ গৰাকী অসামৰিক সেৱা প্ৰত্যাশীৰ মাজত কিতাপথন বিতৰণ কৰে বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে ৷ আজিৰ উক্ত অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ টাড’ তেৰাঙপী আৰু ডিফু ডনবস্ক’ জুনিয়ৰ কলেজৰ অধ্যক্ষ ফাদাৰ জনচন পাৰাকল উপস্থিত থাকে ৷