অহা ২৬ তাৰিখে অনুষ্ঠিত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৬নং ডিফু সমষ্টিৰ (No. 6 Diphu Constituency) বাবে বুধবাৰে পুৱা ২০১ ভোটকেন্দ্ৰৰ বাবে নিৰ্বাচনী বিষয়া, কৰ্মচাৰীসকল ৰাওনা (Election officials, staff leave for polling booths) হৈছে। বাকী ভোটকেন্দ্ৰৰ বাবে কাইলৈৰ পৰা ৰাওণা হ’ব বলি জানিব পৰা গৈছে৷ ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিটো ভোটকেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া সুনিশ্ছিত কৰিছে৷ ভোট কেন্দ্ৰসমূহত যাতে সুকলমে আৰু নিৰাপদেৰে ভোট গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে আৰক্ষী, কামাণ্ডো কেন্দ্ৰীয় সুৰক্ষা বল নিয়োজিত কৰা হৈছে বুলি জিলাখনৰ সহকাৰী নিৰ্বাচনী বিষয়া চন্দন বৰগোঁহাইয়ে জানিবলৈ দিছে।
উল্লেখযোগ্য যে, ৬ নং ডিফু জনজাতি লোকসভা সমষ্ঠিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ১২১৭ টা (Total polling stations 1217), ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন (second phase of elections will be held on April 26)ৰ বাবে সমষ্ঠুটোৰ পৰা এইবাৰৰ প্ৰাৰ্থী বি জে পি : অমৰছিং তিছ’, কংগ্ৰেছ : জয়ৰাম ইংলেং, এ এছ ডি চি : জৎছন বে’, এ পি এইচ এল চি : জন ইংতি কাঠাৰ আৰু গণ সুৰক্ষা পাৰ্টি : জন বৰ্ণাড চাংমা৷ সমষ্ঠিটোত মুঠ ভোটাৰ : ৮৯৩০৫৮৷ পুৰুষ ভোটাৰ : ৪৪৫৩৫৩, মহিলা ভোটাৰ : ৪৪৭৬৮৬, তৃতীয় লিঙ্গৰ ভোটাৰ : ১৯, পূৱ কাৰ্বি আংলঙৰ ভোটাৰ : ৫১২৩২৪, পুৰুষ ভোটাৰ : ২৫৪৪৭৯, মহিলা ভোটাৰ : ২৫৭৮২৭, তৃতীয় লিঙ্গৰ ভোটাৰ : ১৮৷ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ : ৬৫১ ৷
পশ্চিম কাৰ্বি আংলঙৰ ভোটাৰ : ২২৫২০৬, পুৰুষ ভোটাৰ : ১১৩২৭৮, মহিলা ভোটাৰ : ১১১৯২৭, তৃতীয় লিঙ্গৰ ভোটাৰ : ০১, মুঠ ভোট গ্ৰহণ কেন্দ্ৰ : ৩১২, ডিমা হাচাওৰ ভোটাৰ : ১৫৫২৫৯,পুৰুষ,ভোটাৰ : ৭৭৩২৭, মহিলা ভোটাৰ : ৭৭৯৩২, তৃতীয় লিঙ্গৰ ভোটাৰ : ০, মুঠ ভোট গ্ৰহণ কেন্দ্ৰ : ২৫৩।