মঙলবাৰে বিয়লি ডিফুত (Diphu) আঞ্চলিক দল APHLC-এ এখন বৃহৎ নিৰ্বাচনীসভা (Big election meeting of APHLC) পাতি বিজেপিৰ বৰঘৰত কঁপনি তুলিছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু হাজাৰ লোক আহি ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত সমবেত হয়৷ দলটোৰ সভাপতি জনচ্ ইংতি কাথাৰ, (President Johns Ingti Kathar) শোণিতপুৰৰ বি পি এফ দলৰ প্ৰাৰ্থী ৰাজু দেউৰী, ডিমা হাছাও জিলাৰ প্ৰাক্তন এম এ চি ডেনিয়েল লাংথাছা প্ৰমুখ্যে নেতাসকলে এই সমাবেশত ভাষণ দি বিজেপি দলক তীব্ৰ সমালোচনা কৰে। বিজেপি দল পুণৰ ক্ষমতালৈ আহিলে জনজাতি তথা খিলঞ্জীয়া জনতাৰ ভাষা, সংস্কৃতিলৈ সংকট আহিব বুলি কয় ৷
বিজেপিয়ি UCC আনি খিলঞ্জীয়াৰ সকলো অধীকাৰ বিলুপ্ত কৰিব বুলি বক্তাসকলে জনতাক কয়৷ ৰাজু দেউৰীয়ে জনজাতিসকল কেতিয়াও হিন্দু নাছিল আৰু আজিও নহয় বুলি কয় ৷ সংবাদ মাধ্যমৰ আগত জনচ্ ইংতি কাথাৰে কয় যে তেওঁ পাঁচ লাখ ভোট লাভ কৰিব৷ তেওঁ কয় যে পাহাৰীয়া, জনজাতি, আদিবাসী, অসমীয়া, ভৈয়াম জনজাতিসকলৰ মাটি, ভেটি সুৰক্ষা কৰাই তেওঁলোকৰ দলৰ মূল লক্ষ বুলি কয়৷
বিজেপিয়ে আনিব বিছৰা UCC খনৰ তেওঁ বিৰোধীতা কৰে ৷ জয়ী হ’লে ইণ্ডিয়া মৰ্চাত থাকিব বুলি কোৱা জনচ্ ইংতি কাথাৰে ASDC দলৰ অভিযোগৰ সন্দৰ্ভত কয় য়ে ASDC দলে মনোনয়ন-পত্ৰ দিয়াৰ আগত তুলিৰাম ৰংহাঙৰ লগত আলোচনা কৰিহে মনোনয়পত্ৰ দিছে। তেওঁলোকৰ একাউন্টত আমাতকৈ অধিক টকা আছে। কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ নাম নোলোৱাকৈ তেওঁ কয় যে বিজেপিৰ পৰা অহাজন আকৌ বিজেপি দললৈ ঘূৰি যাব ৷