বিগত বৰ্ষত অভিনেতা নানা পাটেকাৰ #MeToo ৰ বাবে বহুলভাৱে চৰ্চালৈ আহিছিল। অভিনেত্ৰী তনুশ্ৰী দত্তই অভিনেতা গৰাকীৰ ওপৰত #MeToo ক লৈ আৰোপ লগাইছিল। তেনে পৰিপ্ৰেক্ষিততেই হয়টো অভিনেতা নানা পাটেকাৰক বহুদিনৰ পৰা কোনোধৰণৰ প্ৰকল্পত দেখিবলৈ পোৱা নাছিল দৰ্শকে।
২০২০ চনত “ইটছ মাই লাইফ” নামে এটি প্ৰকল্পত শেষবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল তেওঁক। কিন্তু শেহতীয়াকৈ জানিব পৰা গৈছে, অভিনেতা নানা পাটেকাৰ আকৌ এবাৰ ঘূৰি আহিছে মনোৰঞ্জন ক্ষেত্ৰখনলৈ।
বহু লোকে প্ৰকাশ ঝাৰ বহু চৰ্চিত ৱেব চিৰিজ “আশ্ৰম” ৰ জৰিয়তেই অভিনেতা গৰাকী ঘূৰি আহিছে বুলি এক উমান লগাইছিল যদিও সেয়া সত্য প্ৰমাণিত নহ’ল। অৱশ্যে নানাই একেগৰাকী পৰিচালকৰ সৈতেই উভতিবলৈ সাজু হৈছে।
নানা পাটেকাৰে ই-টাইমছক দিয়া এক সাক্ষাৎকাৰত তেওঁ নিজেই বাখ্যা কৰি কয় যে, “প্ৰকাশ ঝাৰ দ্বাৰা পৰিচালিত “লাল বাট্টি” নামে এক ৱেব চিৰিজৰ জৰিয়তে মই অভিনয় ক্ষেত্ৰলৈ আহিবলৈ সাজু হৈছোঁ।”