
ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা। ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ভূমিস্খলন প্ৰৱণ, জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ মহানগৰবাসীক আহ্বান প্ৰশাসনৰ।














