
উপত্যকাটোৰ সংখ্যালঘুসকলৰ দাবী মানি শ্রীনগৰৰ ১৭৭জন কাশ্মীৰী পণ্ডিত সম্প্রদায়ৰ শিক্ষক-শিক্ষয়িত্ৰীক নিৰাপদ স্থানলৈ বদলিৰ নির্দেশ দিলে চৰকাৰে। শুক্রবাৰে সম্প্রদায়টোৰ সুৰক্ষা বিষয়ক এখন বৈঠকত বহে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। তাৰ পিছতেই এই সিদ্ধান্ত ঘোষণা কৰে কেন্দ্রীয় চৰকাৰে।
সম্প্রতি সন্ত্ৰাসবাদীয়ে লক্ষ্য হিচাবে লৈছে উপত্যকাটোৰ কাশ্মীৰী পণ্ডিত, শিখ সম্প্রদায়ৰ সংখ্যালঘুসকলক। অভিযোগ, বিগত কেইটামান দিনত বাছি বাছি তেওঁলোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। কেৱল বিগত মাহৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদীৰ আক্রমণত নজন নিহত হৈছে।
১২ মে’ত বদগামৰ চাদুৰা অঞ্চলত ৰাহুল ভাট নামৰ এজন চৰকাৰী কর্মচাৰী তথা কাশ্মীৰী পণ্ডিতক হত্যাৰ পিছত সমগ্ৰ উপত্যকাটোতে আতঙ্ক বিয়পি পৰে। ক্ষোভৰ উদ্গীৰণ হয় সংখ্যালঘুসকলৰ মাজত।
এটাৰ পিছত আনটো হত্যাকাণ্ডৰ ফলত উপত্যকাটোৰ বাহিৰত সুৰক্ষিত স্থানলৈ বদলিৰ আবেদনত আন্দোলন আৰম্ভ কৰে প্রায় ৬,০০০ চৰকাৰী কর্মচাৰীয়ে। আন্দোলনৰ মাজতেই বৃহস্পতিবাৰে দুটি বিক্ষিপ্ত ঘটনাত এজন বেঙ্ক কর্মচাৰী আৰু এজন ইটাভাতাৰ শ্রমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।









