লংকাত নিশা শোকাৱহ পথ দুৰ্ঘটনা ।
নিহত শংকৰ মালাকাৰ(২৫) নামৰ এজন যুৱক।
নিশা লংকা বজাৰস্থিত নিজৰ হোটেল বন্ধ কৰি পূৱ ভালুকমাৰীৰ ঘৰলৈ উভতি যোৱাৰ পথত দূৰ্ঘটনাত পতিত হয় যুৱকজন।
লংকাৰ সাংবাদিক সন্হাৰ কাৰ্য্যলয়ৰ সম্মূখত সংঘটিত হয় এই ঘটনা।
নিজৰ নম্বৰপ্লেট বিহীন নতুন পালছাৰ বাইকেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় যুৱকজন।
নিশা আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে যুৱকজনৰ।
ইতিমধ্যে,আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ নগাঁওলৈ প্ৰেৰণ কৰিছে।
লংকা-নগাও সংযোগী মূল পথৰ দূৰবস্তাৰ বাবে বাইকৰ নিয়ন্ত্রণ হেৰুৱাই দূৰ্ঘটনাত পতিত হৈ যুৱক জনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।