ফেব্ৰুৱাৰীৰ আৰম্ভণিৰে পৰা সমগ্ৰ হিমাচল প্ৰদেশত (Himachal pradesh) প্ৰচণ্ড তুষাৰপাত। কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে বৰফ পৰাৰ বাবে বহু জিলা কেইবা ফুট বৰফৰ আৱৰণৰ তলত। দেওবাৰে হিমাচলত তুষাৰপাতৰ বাবে ৫০০টা পথ বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, সোমবাৰেও ৫টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৪৭৫টা পথ বন্ধ হৈ আছে।
ইয়াৰে ভিতৰত কংগ্ৰাৰ ১টা, চাম্বৰৰ ৫৬টা, কুন্নোৰৰ ৬টা, মাণ্ডীৰ ৫১টা আৰু চিমলাৰ ১৩৩টা পথ। কিলং, কাংগৰা, চুমোদ, উদয়পুৰ, কোকছুৰকে ধৰি কিছুমান ষ্টেচনত ১-৯ ফুট বৰফ পৰে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, তুষাৰপাতৰ বাবে ৩৩৩টা বিদ্যুৎ যোগান প্ৰকল্প আৰু ৫৭টা পানী যোগান প্ৰকল্প ব্যাহত হৈছে। বৰফ পৰিষ্কাৰ কৰাৰ কাম পূৰ্ণগতিত চলি আছে।
কিন্তু বেয়া বতৰৰ বাবে সেয়া অবিৰতভাৱে কৰিব পৰা হোৱা নাই৷ আনহাতে, বৰফ আঁতৰোৱাৰ সময়ত পুনৰ বৰফ পৰাৰ বাবে সময়ৰ প্ৰয়োজন হৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, মঙলবাৰেও হিমাচলত প্ৰবল তুষাৰপাত অব্যাহত থাকিব। ৬ ফেব্ৰুৱাৰীলৈকে কেইবাঠাইতো বৰষুণ আৰু বৰফ পৰিব বুলি জানিব পৰা গৈছে।
কিন্তু ইয়াৰ মাজতে তুষাৰপাতৰ বাবে পৰ্যটকসকলৰ আনন্দই নধৰা হৈছে। শীতকালৰ আৰম্ভণিৰে পৰাই হিমাচলত পৰ্যটকৰ ভিৰ বৃদ্ধি হৈছে। অৱশ্যে শেহতীয়াকৈ হিমাচল প্ৰদেশ আৰক্ষীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ পৰীক্ষাহে কৰি পৰ্যটকসকলক তালৈ যোৱাৰ কথা কৈছে।