বোকাজান মহকুমাৰ খটখটীত পুণৰ প্ৰায় ১ কোটি পৰিমাণৰ নিচাযুক্ত সামগ্ৰী সহ এটা সৰবৰাহকাৰী আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অবৈধ নিচাযুক্ত সামগ্ৰী, অবৈধ অস্ত্ৰ-শস্ত্ৰ, অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহৰ কৰাৰ বাবে নিৰাপদ ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰা অসম-নাগালেণ্ড সীমান্তৰ খটখটী , লাহৰিজানত অবৈধ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হয় ৷ কেতিয়াবা বিলাসী বাহন, সামগ্ৰী ভৰ্তি ট্ৰাক আৰু পদপথে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা কৰি আহিছে ৷
প্ৰতিবাৰতে কাৰবি আংলং আৰক্ষীৰ শেন দৃষ্টিৰ ৰক্ষা পোৱা নাই এনে সৰবৰাহকাৰী ৷ এইবাৰত নৈশ বাছত যাত্ৰী হিছাপে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অপচেষ্টা কৰি আৰক্ষীৰ জালত পৰে মণিপুৰৰ এটা কুখ্যাত সৰবৰাহকাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটী এছবি বেঙ্কৰ ওচৰত বোকাজানৰ চক্ৰ পৰিদৰ্শক মনজিত তেৰাঙৰ নেতৃত্বত খটখটী থানাৰ উপ পৰিদৰ্শকদ্বয় দীপক লাহন, স্বমধন স্বৰ্গীয়াৰী, থানা ষ্টাফ আৰু এ ২০ বিএন চিআৰপিএফৰ সহযোগত চলোৱা নিয়মীয়া নাকা তালাচীত নিশা প্ৰায় ৮ মান বজাত ডিমাপুৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকাল এএছ ২৫ এচি ০০৯৪ নম্বৰৰ নৈশ বাছত তালাচী চলাওঁতে নিচাযুক্ত সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
অভিযান কাৰী দলটোৱে নৈশ বাছখনত যাত্ৰী হিছাপে গৈ থকা মণিপুৰৰমাংখনলাল গুইটে (২৩)বছৰৰ এটা সৰবৰাহকাৰীয়ে ট্ৰেকিং বেগত লুকুৱাই অনা ১৩ টা চাবোনৰ বাকচত ১৫৪’৭৯ গ্ৰাম হেৰইন আৰু দুটা পেকেটত ১১৭২ ‘৪২ গ্ৰাম অপিয়াম উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা নিচাযুক্ত সামগ্ৰীখিনি কাৰবি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক(অপৰাধ)নয়ন মনি বৰ্মণৰ উপস্থিতিত নিৰপেক্ষ সাক্ষীৰ সাক্ষাতে জব্দ কৰা হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷