বুধবাৰে লাহৰিজান (Laharijan) ৰে’লৱে গেং কোৱাৰ্টাৰৰ কালী মন্দিৰ প্ৰাংগনত লাহৰিজান ৰে’লৱে গেং কোৱাটাৰ কালী মন্দিৰ প্ৰাংগনত যোৱা ৩০ ডিচেম্বৰ নিশা কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে মা-কালী মন্দিৰ লণ্ডভণ্ড (Maa-Kali Temple) কৰাৰ বিষয়লৈ আজি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ উপস্থিতিত শান্তি আলোচনা (Peace Talks) হয়।
উপস্থিত থাকে খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অ’চি ৰমেন বৰদলৈৰ লগতে উপপৰিদৰ্শক দীপক লাহন, স্বমধন স্বৰ্গীয়াৰী খটখটী থানা উপদেষ্টা সমিতিৰ সভাপতি সুৰেশ সিং, সম্পাদক মানিক সিঙৰ লগতে মুছলিম ছাত্ৰ সন্থা অসমৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মইনুল হুছেইন ওজা শান্তি সমিতিৰ সম্পাদক বিঞ্চু গিৰি লাহৰিজান আৰু দুদুকলোনী গাওঁৰক্ষী বাহিনীৰ সদস্যসকল অনান্য বিষয়ববীয়া সকলো উপস্থিত থাকে।