শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকে ধৰি ছয়জনক ক্ৰুজ জাহাজ ড্ৰাগছ গোচৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ বিশেষ অনুসন্ধানকাৰী দলে ক্লিন চিট প্ৰদান কৰিছে৷ অৱশ্যে, অভিযোগ পত্ৰখনত এতিয়াও ১৪ জন লোকৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা আছে৷ প্ৰমাণৰ অভাৱত এনচিবিয়ে অভিযোগপত্ৰৰ পৰা ছয়টা নাম বাদ দিছে৷ ইয়াৰ ভিতৰত আছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ নাম৷
আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামিজাক ৩ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত প্ৰায় এমাহৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰে৷ আৰিয়ন খানৰ পৰা কোনো ড্ৰাগছ উদ্ধাৰ কৰা হোৱা নাছিল৷ আৰিয়ান খানক ২৭, ৮ চি, ২৮ ধাৰা আৰু ২৯ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছিল৷
উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ সময়ত কৈছিল যে তেওঁৰ হোৱাটছএপ মেছেজত কোনো আপত্তিজনক বাৰ্তা নাই লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামিছাই ড্ৰাগছৰ বাবে ষড়যন্ত্ৰ কৰিছে বুলি প্ৰমাণ কৰিবলৈ কোনো প্ৰমাণ নাই৷
এনডিপিএছ আদালতে এনচিবিক অভিযোগপত্ৰ দাখিল কৰিবলৈ দীঘলীয়া সময় দিছিল৷ তেওঁলোকৰ ভিতৰত ২০ জন অভিযুক্তৰ মাজৰে দুগৰাকী আছিল আব্দুল কাদেৰ আৰু নাইজেৰিয়ান মূলৰ ড্ৰাগ সৰবৰাহকাৰী৷ গোচৰটোত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল।
যোৱা নৱেম্বৰত এছআইটিয়ে এনচিবিৰ মুম্বাই গোটৰ পৰা গোচৰটো গ্ৰহণ কৰিছিল৷ আনহাতে আৰিয়ন খানৰ জামিনৰ গেৰাণ্টি চলচ্চিত্ৰ অভিনেত্ৰী জুহি চাওলাই দিছিল৷ আৰিয়ান খানক অলপতে কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টিত দেখা গৈছে৷ শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালে আৰিয়ান খানে ক্লিন চিট পোৱাৰ পিছত নিশ্চয় স্বস্তিৰ নিশ্বাস পেলাইছে।