আজি বিয়লি খটখটী আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত এখন নৈশ বাছত চলোৱা অভিযানত প্ৰায় শতাধিক কাৰ্টুনত অবৈধভাৱে সৰবৰাহ কৰা বাৰ্মিজ সামগ্ৰী জব্দ কৰে।
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত খটখটি এছ বি আই শাখাৰ সমুখত চলোৱা এক অভিযানত ডিমাপুৰৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা এআৰ-১১ বি- ৩৪০৮ নম্বৰৰ যাত্ৰীবাহী বাছখনত এই লক্ষাধিক টকাৰ বজাৰ মূল্যৰ বাৰ্মিজখিনি উদ্ধাৰ কৰা হয়।