সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছে ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী স্বাক্ষৰিত প্ৰাৰ্থী তালিকাখন ছ’চিয়েল মেডিয়াল ভাইৰেল হোৱাৰ পিছতেই প্ৰাৰ্থীত্ব বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকসকলে তীব্ৰ ক্ষোভ উজাৰি এনে সিদ্ধান্ত কংগ্ৰেছৰ লবী কেন্দ্ৰিক আৰু পৰিয়ালকেন্দ্ৰিক নীতিৰ সিদ্ধান্ত বুলি কয় ৷
কংগ্ৰেছত নিষ্ঠা সহকাৰে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি অহা প্ৰাৰ্থীকো পৰ্যৱেক্ষকে পৰ্যৱেক্ষণ কৰি যোৱাৰ পিছতো প্ৰকাশিত তালিকাত বঞ্চিত কৰাটো দুৰ্ভাগ্যজনক বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে প্ৰাৰ্থীত্ব বঞ্চিৰ সমৰ্থকসকলে ৷
আজি ঘোষিত ২৬টা পৰিষদীয় সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন ক্ৰমে, ১নং দুৱাৰ আমলাত বিজয় টেৰণ, ২নং আমৰিত জেনিচন তেৰণ, ৩নং চিন্থং ৰূপছিং বংৰুং, ৪নং ছচেঙত সিদ্ধান্ত হোৱা নাই, ৫নং ৰংখাঙত ছিং টেৰণ, ৬নং বিথুঙত কাংবুৰা হাঞ্চে, ৭নং কপিলীত কাৰেং ফাংচপী, ৮নং হামৰেণত ৰূপেশ বে’, ৯নং আমৰেঙত এলিচ ইংতিপী, ১০নং হাওৰাঘাটত চন্দ্ৰছিং টেৰণ, ১১নং লাংফেৰত পূৰ্ণিমা ৰংহাঙপী, ১২নং ফুলনিত দৰছিং ছিংনাৰ, ১৩নং লাংহিনত ৰিজেন্দ্ৰ বসুমতাৰী, ১৪নং কৰকাণ্ঠিত চাৰচিং ইংতি, ১৫নং মহামায়াত বিদ্যাছিং ৰংপি, ১৬নং নমাটিত অশোক টেৰণ, ১৭নং ছচেং ধেণ্টাত ৰাজেশ তিমুঙ, ১৮নং লুম্বাজঙত ৰাতুল টেৰণ, ১৯নং ধনশিৰিত সিদ্ধান্ত বাকী, ২০নং সিংহাসনত প্ৰদীপ ছিংনাৰ, ২১নং বৰজানত সুৰেন্দৰ ছিংনাৰ, ২২নং সৰু পথাৰ সিদ্ধান্ত বাকী, ২৩নং বোকাজানত সিদ্ধান্ত বাকী, ২৪নং দেওপানীত জয়চম জেচিং ৰেংমা, ২৫নং নিলীপত ছেমচন ইংতি আৰু ২৬নং পৰিষদীয় সমষ্টিত ৰাজেন ইংতি কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।