ৰাজনৈতিক সংস্থাপন বিচাৰি শান্তিচুক্তি স্বাক্ষৰিত ছয়টাকৈ সহস্ৰ সংগঠনৰ শীৰ্ষ নেতৃত্বৰ কাৰবি পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ টিকটৰ দাবী কৰিছে ৷
ছয়টাকৈ প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চ কাৰবি আংলং ইউনাইটেড ৰিভ্যুলেশ্যনাৰী ফ’ৰাম চমুকৈ ‘কেৰাফ’ আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে ৷
কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰা কেএলএনএলএফ, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটিৰ তিনিটীকৈ গোটে মূলসঁতিলৈ ঘূৰি আহি পৰৱৰ্তী কালত কাৰবি আংলং ইউনাইটেড ৰিব্যুলেশ্যনাৰী ফাণ্ড গঠন কৰে ৷ ইয়াৰ পূৰ্বে সংগঠনসমূহৰ শীৰ্ষ নেতৃত্বই বিজেপি দলত যোগদান কৰে ৷
ইয়াৰ পিছত আজি আজি আয়োজিত সংবাদমেলত কেৰাফে সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ছয়টাকৈ পৰিষদীয় সমষ্টিত নিৰিবীচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে বিজেপিৰ টিকটৰ দাবীসকৰে৷ সেই মৰ্মে সংবাদমেলত সদৰি কৰা অনুসৰি পৰিষদৰ দুৱাৰবাগৰী সমষ্টিৰ পৰা পি দিলি, নিলিপ সমষ্টিৰ পৰা বিনাৰচন চিংনাৰ, লাংফেৰ সমষ্টিৰ পৰা লংকি বে, বৰজান সমষ্টিৰ পৰা ৰিছ’ টকবি, হাওৰাঘাট আৰু কৰকান্ণ্ঠী দুটা সমষ্টিৰ পৰা ৰেজাক ডেৰা আৰু ফুলনি সমষ্টিৰ পৰা থং টেৰন ওৰফে ৬জনকৈ প্ৰাক্তন সহস্ত্ৰ সংগঠন ফালৰ পৰা প্ৰাৰ্থীয়ে বিজিপি টিকটৰ বাবে আবেদন জনাইছে বূলি জানিবলৈ দিয়ে। এই ৬ জনকৈ প্ৰাৰ্থীক বিজেপিৰ টিকত প্ৰদান কৰি জয়ী কৰোৱাৰ লগতে ৰাজনৈতিকভাবে সংস্থাপন দিয়াৰ দাবী জনায় ‘কেৰাফ’য়ে ৷