ডিফু ধৰমনালা ব’হাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হৈছে ৪২তম ব’হাগী বিদায় উৎসৱ ২০২২ ৷ আজি প্ৰথম দিনৰ কাৰ্যক্ৰমানিকা অনুসৰি আজি পুৱাৰ ভাগত ৪২ সংখ্যক ব’হাগী বিদায় উৎসৱ ২০২২ৰ পতাকা উত্তোলন কৰে ধৰমনালা ব’হাগী বিদায় উদযাপন সমিতিৰ সভাপতি নিপু চৰণ দত্তই।
ইয়াৰ পিছত ক্ৰমান্বয়ে বন্তি প্ৰজ্বলন আৰু স্মৃতি অৰ্পণ কৰে ধৰমনালা নামঘৰৰ নামাচাৰ্য্য সত্য ডেকাই। ১০ বজাত মায়াৰণী দত্ত সোঁৱৰণী মন্ডপ উদ্বোধন কৰে উপসভাপতি প্ৰদীপ কৰে। ১০.৩০ বজাত ৰাজেন বৰা সোঁৱৰণী মঞ্চ আৰু প্ৰতিযোগিতাত উদ্বোধন কৰে শংকৰী কলা কৃষি সংঘৰ সভাপতি বসন্ত খনিকৰে।
প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে ধৰমনালা ব’হাগী বিদায় উদযাপন সমিতিৰ উপসভাপতি বিক্ৰম সন্দিকৈয়ে। ১১ বজাত নবীন চন্দ্ৰ বসু সোঁৱৰণী কণী যুঁজ প্ৰতিযোগিতা, ১১.৩০ বজাত ভৱকান্ত বৰগোহাঁই সোঁৱৰণী মহিলাৰ মিউজিক চেয়াৰ প্ৰতিযোগিতা,১২ বজাত মনিৰাম কেওট সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা, অনিল চন্দ্ৰ দাস সোঁৱৰণী চিত্ৰাংন প্ৰতিযোগিতা, ৩ বজাত মীনামনি ভট্টাচাৰ্য্য সোঁৱৰণী মহিলা বিহু নাচ প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত ঘনশ্যাম ডেকা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া।
আনহাতে আজি পুৱাৰ ভাগত নিত্যানন্দ বৰাই আঁতধৰা পতাকা উত্তোলন কাৰ্যসূচীত ধৰমনালা ব’হাগী বিদায় উদযাপন সমিতিৰ সভাপতি নিপুচৰণ দত্তক উদযাপন সমিতিয়ে আদৰি অনা পৰিলক্ষিত হয়। পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি নিপুচৰণ দত্তই নিজৰ প্ৰয়াত মাতৃক সুঁৱৰি আবেগিক হৈ পৰে।