শুকুৰবাৰে কাৰবি আংলং জিলাৰ মাঞ্জাৰ উদ্ধাৰ হৈছে বিৰল প্ৰজাতিৰ লাজুকি বান্দৰ ৷ শুকুৰবাৰে মাঞ্জা বজাৰস্থিত কুকি নেছনেল এছেম্বলীৰ সভাপতি তংথাং তাউথাঙৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে লাজুকি বান্দৰটো উদ্ধাৰ কৰা হৈছে ৷
তাৰ পিছত এই সন্দৰ্ভত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বনবিভাগৰ সচিব নিৰলা ফাংচপীক অৱগত কৰা হয় ৷ সচিব নিৰলা ফাংচপীৰ নিৰ্দেশ মৰ্মে লাজুকি বান্দৰটো বনবিভাগক আজি হস্তান্তৰ কৰা হয় ৷
বনবিভাগৰ লোকে জনোৱা অনুসৰি উদ্ধাৰ লাজুকি বান্দৰটো ভৱিষ্যত প্ৰজন্মই চাবৰ বাবে ধনশিৰি সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হব বুলি বনবিভাগৰ লোকে জানিবলৈ দিছে