মুক্তিৰ এসপ্তাহৰ ভিতৰতেই ব্লকবাষ্টাৰ ছবিৰ তালিকাত প্ৰৱেশ প্রশান্ত নীল পৰিচালিত ছবি ‘কেজিএফ চেপ্টাৰ ২’।কেৱল সেয়াই নহয়, পৰিচালক এছ এছ ৰাজামৌলিৰ ‘আৰআৰআৰ’ৰ পিছত বক্স অফিচত নতুন ৰেকর্ড সৃষ্টি কৰে ছবিখনে। মাত্র সাত দিনতেই বিশ্বজুৰি ৬৭৬ কোটিৰ ব্যৱসা কৰিছে ‘কেজিএফ চেপ্টাৰ ২’ ছবিখনে।
‘বাহুবলী ১’-এ বক্স অফিচত মুঠ ৬৫০ কোটিৰ ব্যৱসায় কৰিছিল। সেই ৰেকর্ড এসপ্তাহৰ ভিতৰতেই ভংগ কৰিলে ‘কেজিএফ চেপ্টাৰ ২’-ই।তথ্য অনুসৰি, অতীজৰ সকলো ৰেকর্ড ভংগ কৰি ইমান কম সময়তে হিন্দীত ২৫০ কোটিৰ মেগাক্লাবত খোজ পেলাইছে ‘কেজিএফ চেপ্টাৰ ২’।
ইয়াৰ পূৰ্বে হিন্দী ভাষাত সকলোতকৈ কম সময়ত ২৫০ কোটি উপাৰ্জনৰ ৰেকর্ড আছিল প্রভাস অভিনীত ‘বাহুবলী ২’ ছবিখনৰ। ৮ দিনত ২৫০ কোটি অতিক্ৰম কৰিছিল ছবিখনে৷ ইয়াৰ পিছত আমিৰ খান অভিনীত ‘দঙ্গল’। ১০ দিনত ছবিখনে ২৫০ কোটিৰ ব্যৱসায় কৰিছিল বক্স অফিচত।
উল্লেখ্য, ২০১৮ চনত মুক্তিলাভ কৰিছিল ‘কেজিএফ চেপ্টাৰ ১’। কন্নড় ভাষাৰ ছবিখনে সেই সময়ত বিস্মিত কৰিছিল সকলোকে। বর্তমান বিশ্বজুৰি ১০ হাজাৰ ছবিগৃহত চলি আছে ‘কেজিএফ চেপ্টাৰ ২’। ছবিখনত যশ, শ্রীনিধি শেঠী, সঞ্জয় দত্ত, ৰবীনা টেণ্ডন, প্রকাশ ৰাজৰ দৰে অভিনেতাসকল আছে।