ASSAM TIMES POST
নগাঁও: নগাঁও জিলাৰ ৰাঙলুগ্ৰান্ট চিঙৰাবস্তিৰ এইচ পি পেট্ৰ’ল ডিপোৰ পৰিচালক ৰাজকুমাৰ জৈন ওৰফে ৰাজুক কালি বিয়লি সশস্ত্ৰ দুৰ্বৃত্তৰ দলে গুলীয়াই আহত কৰি ডেৰ লাখ টকা লুট কৰি নিয়া ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ধৃত লোকজনৰ নাম ইলিয়াছ উদ্দিন(৩৫)।
তেওঁৰ ঘৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টাউন ৰাঙলুগ্ৰান্টত। কালি নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত নগাঁৱৰ আৰক্ষী দলে অভিযান চলাই ইলিয়াছক গ্ৰেপ্তাৰ কৰে।উল্লেখ্য , ধৃত ইলিয়াছ এইচ পি পেট্ৰল পাম্পৰে এজন কৰ্মচাৰী। ইলিয়াছক নগাঁও সদৰ আৰক্ষী থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। নগাঁৱৰ আৰক্ষী সূত্ৰই জনোৱা মতে, ধৃত এইচ পি পেট্ৰ’ল পাম্পৰ কৰ্মচাৰী ইলিয়াছে তেওঁ কাম কৰা পেট্ৰ’ল ডিপোটোৰ পৰিচালকজনক গুলীয়াই তেওঁৰ হাতৰ পৰা ধন লুট কৰিবলৈ এটা পেছাগত দুৰ্বৃত্তৰ দলক নিয়োগ কৰিছিল।
পৰিচালকজনে পেট্ৰ’ল ডিপোটোৰ সংগৃহীত ধন লৈ বেংকলৈ যোৱাৰ সমস্ত খবৰ ইলিয়াছে দুৰ্বৃত্তৰ দলটোক যোগান ধৰিছিল। তেওঁৰ খবৰৰ ভিত্তিতে কালি বিয়লি প্ৰায় ৪.৩০ বজাত সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোৱে পেট্ৰ’ল পাম্পটোৰ মেনেজাৰজনক গুলীয়াই আহত কৰি তেওঁৰ হাতৰ পৰা ডেৰলাখ টকা ভৰ্তি টকাৰ মোনাটো কাঢ়ি লৈ যায়। ইলিয়াছ উদ্দিনে বিগত এবছৰ ধৰি তেল ডিপোৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল।
মাহিলী ৮হাজাৰ টকাৰ দৰমহাত কাম কৰা ইলিয়াছ সন্তুষ্ট নাছিল সেই উপাৰ্জনত। সেয়েহে নগাঁৱৰ ৰূপহীহাটৰ দুধৰ্ষ ডকাইটৰ লগ হৈ ইলিয়াছে কৰিছিল ডকাইটিৰ পৰিকল্পনা। উল্লেখ্য , ইলিয়াছৰ খুড়াকেই পেট্ৰ’লপাম্পটো খুলিবলৈ মাটি ভাড়াত দিছিল। আনহাতে খুড়াকৰ অনুৰোধতেই ইলিয়াছক চাকৰি দিছিল ৰাজকুমাৰ জৈনে। ইতিমধ্যে নগাঁও আৰক্ষীৰ জেৰাত ইলিয়াছে ডকাইটিৰ ঘটনাত জড়িত থকাৰ স্বীকাৰ কৰিছে।
ঘটনাৰ সম্পৰ্কত আৰক্ষীয়ে কামপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৯৫/৩৯৭/৩০৭ আৰু আৰ ডব্লিও ২৭ সশস্ত্ৰ আইনৰ অধীনত ২৪৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে। ইপিনে ডকাইটৰ ৭.৬৫ পিষ্টলৰ গুলীত আহত হোৱা ৰাজকুমাৰ জৈনক প্ৰথমে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।অৱশ্যে বৰ্তমানেও নগাঁও আৰক্ষীয়ে ডকাইটি কাণ্ডত ব্যৱহৃত ৭.৬৫ পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
কালিৰ ঘটনাৰ পাছত নগাঁও আৰক্ষীয়ে সন্দেহ বশতঃ পেট্ৰ’ল ডিপোটোৰ কৰ্মচাৰী সকলক সোধাপোচা কৰে। আৰক্ষীৰ সোধাপোচাতে ইলিয়াছ আলীয়ে সমস্ত দূষ্কাৰ্যৰ কথা স্বীকাৰ কৰে। পিছত তেওঁক আটক কৰি আনি জেৰা কৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ইপিনে, এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আন পাঁচজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে তদন্তৰ খাতিৰত তেওঁলোকৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে। পেট্ৰ’ল ডিপোটোৰ পৰিচালক জনক গুলীওৱা দুৰ্বৃত্ত জনক আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে। তেওঁৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।












