ASSAM TIMES POST
গুৱাহাটীঃ অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তৰ স্পিকিং অৰ্ডাৰ অনুসৰি বিছলেৰী (পেকেজ খোৱাপানী ব্ৰেণ্ড)ৰ প্ৰস্তুত, মজুতকৰণ, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা শুকুৰবাৰে প্ৰত্যাহাৰ কৰা হৈছে।
উল্লেখযোগ্য যে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০১১ অনুসৰি অসম চৰকাৰৰ মনোনীত বিষয়াৰদ্বাৰা নিৰ্বাচিত খাদ্য বিশ্লেষকৰ জৰিয়তে নিৰ্দিষ্ট গুণগত মান পৰীক্ষা কৰি প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিতে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় বুলি জনসংযোগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰে।
বিবৃতিটোত উল্লেখ থকা অনুসৰি খাদ্য সুৰক্ষা বিষয়াই এই ব্ৰেণ্ডৰ প্ৰস্তুতস্থলীত যিকোনো সময়তে উপস্থিত হৈ পানীৰ গুণগত মান পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিব পাৰিব।












