![]()
“অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা সৰবৰাহকাৰী তথা তিনিটা ড্ৰাগছ সেৱনকাৰীকে ধৰি মুঠ চাৰি যুৱকক আটক কৰিবলৈ সক্ষম হয়।”
সমগ্ৰ ৰাজ্যখনৰ লগতে শেহতীয়াকৈ ডিমা হাচাও পাৰ্বত্য জিলাতো ড্ৰাগচৰ সৰবৰাহ ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। কালি সন্ধিয়া জিলাখনৰ আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত এটা বৃহত চক্ৰ জালত পেলোৱাৰ লগতে বুজন পৰিমাণৰ নিচাযু্ক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে জিলাখনৰ আৰক্ষীয়ে কালি বিয়লিৰ ভাগত এজন লোকে জিলাখনলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰে। উক্ত তথ্যৰ ভিত্তিত হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াৰ নেতত্বত তথা হাফলং নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লখিন্দৰ শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহকাৰীটোক জেৰা চলাই লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে পৰৱৰ্তী সময়ত হাফলং থানাৰ অন্তৰ্গত জাতিংগাৰ আন এটা ঘৰত অভিযান চলায়। উক্ত ঘৰটোৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা সৰবৰাহকাৰী তথা তিনিটা ড্ৰাগছ সেৱনকাৰীকে ধৰি মুঠ চাৰি যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আনহাতে, আৰক্ষীৰ উপস্থিতিৰ উমান পাই ইয়াৰে এজন সদস্য পলাই সাৰিবলৈ সক্ষম হয়। উক্ত ঘৰটোত আৰক্ষীয়ে তালাচী চলাই ১৮১ টা সৰু কন্টেইনাৰত ভৰাই ৰখা অবস্থাত ৮০ গ্ৰাম হেৰ’ইন আৰু নিচাযুক্ত কেপছুলৰ তিনিটা ষ্ট্ৰীপ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে লগতে হেৰ’ইন ভৰাবলৈ ব্যৱহাৰ কৰা ২৫০ টা খালী সৰু কন্টেইনাৰো ঘৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ যুৱককেইজন ক্ৰমে মাৰ্চিল চুচিয়াং (২১), থাইৰিংদাউ নাইডিং (১৯), ৰাহুল চুছিয়াং (২৪),কাইলিয়ানমুৱান লিয়েনথাং (২৪) আৰু বিশাল দে’ (২২) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আৰক্ষীৰ জালৰ পৰা পলাই সাৰিবলৈ সক্ষম হোৱা ড্ৰাগছ সেৱনকাৰীটো বিৰাথেম বাথাৰী বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আটাইকেইটাকে আজি আদালতলৈ প্ৰেৰণ কৰা হয়।













