KGF ছবিখনে সমগ্ৰ বিশ্বতে অনুৰাগীৰ সৃষ্টি কৰিছে আৰু এতিয়া ‘কেজিএফ: অধ্যায় ২’ ৰ এক চুপাৰহিট ট্ৰেইলাৰে খলকনি তুলিছে ছ’চিয়েল মিডিয়াত! দৰ্শকে আশ্চৰ্যজনক চিনেমাটোগ্ৰাফী, বিস্ফোৰক কাৰ্য আৰু নিৰ্দেশনাৰ ধাৰণা ট্ৰেইলাৰত দেখিবলৈ পাব। ৰকিং তাৰকা য়শ, সঞ্জয় দত্ত আৰু ৰবীনা টেণ্ডনৰ সুন্দৰ প্ৰদৰ্শনে অনুৰাগী সকলৰ আশাক আন এটা স্তৰলৈ লৈ গৈছে! ট্ৰেইলাৰটো চোৱাৰ পিছত, অনুৰাগীসকলে অনুমান কৰিছে যে ছবিখন মুক্তিৰ পিছত ব্লকবাষ্টাৰ হ’ব।
ট্ৰেইলাৰ মুকলি লগে লগে অনুৰাগীসকল প্ৰশংসাৰে পঞ্চমুখ হৈ পৰে। এক ৰোমাঞ্চকৰ কাহিনী, মন কঢ়িয়াই নিয়া একচন চিকুৱেঞ্চ, উত্তেজক চাউণ্ডট্ৰেক আৰু সুন্দৰ প্ৰদৰ্শনে প্ৰথম অধ্যায়তে ছবিখনে ভাৰতীয় চলচ্চিত্ৰৰ বহু অভিলেখ ভংগ কৰিছিল। এতিয়া সঞ্জয় দত্ত, ৰবীনা টেণ্ডনৰ দৰে আন উপভোগ্য অভিনেত্ৰী-অভিনেত্ৰী সকলৰ সৈতে ছবিখনৰ দ্বিতীয়টো সংস্কৰণে পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে।
ছবিখন ২০২২ চনৰ ১৪ এপ্ৰিলত সমগ্ৰ দেশজুৰি কানাড়া, তেলেগু, হিন্দী, তামিল আৰু মালায়ালমত মুক্তি পাব। কেজিএফ: অধ্যায় ২ প্ৰশান্ত নীলে লিখিছে আৰু পৰিচালনা কৰিছে।