![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
‘মিছা কথা শুনি থকাতো মোৰ আৰু ৰাইজৰ দল পক্ষে সম্ভৱপৰ নহয়। বিৰোধী হিচাপে সদায় সত্য-সুন্দৰ আৰু ৰাইজৰ পক্ষত অৱস্থান গ্ৰহণ কৰিম। তাৰ বাবে সদনৰ পৰা কেৱল বহিষ্কাই নহয়, প্ৰয়োজনত বিধানসভা সদস্য পদো ত্যাগ কৰিম। কিন্তু ৰাইজৰ বিপক্ষে ভুৱা মিছা কথা কৈ থাকিবলৈ দিয়া নহ’ব’ – বিধানসভা বাজেট অধিৱেশন পৰা বহিষ্কাৰ হোৱা পাছতেই এই মন্তৱ্য বিধায়ক অখিল গগৈ। ৰাজ্যপালৰ ভাষণৰ বিৰুদ্ধে গৈ জীৱনৰ প্ৰথমটো বহিষ্কাৰ সন্মুখীন হৈছে। মোৰ বাবে জীৱনৰ গুৰুত্বপূৰ্ণ দিন। এবছৰে চৰকাৰখনক মাৰ্জিতভাৱেই সমালোচনা কৰি আহিছিলোঁ। কিন্তু আজি পৰা সমালোচনা অধিক কৰি তোলা হ’ব। নিলম্বন বা বহিষ্কাৰেই কৰক কিন্তু বছৰি ১লাখ নিবনুৱা নিযুক্তি নিদিয়া পৰ্যন্ত ক্ষান্ত নহওঁ’ – তেওঁ লগতে কয়। উল্লেখ্য ৰাজ্যপালৰ ভাষণত ১লাখ নিবনুৱা সংস্থাপন প্ৰসংগ উত্থাপন কৰা বাবেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মার্চাল লগাই বহিষ্কাৰ কৰে গগৈক।
উল্লেখ্য আজিৰে পৰা হিমন্ত চৰকাৰৰ প্রথমখন পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ হৈছে। পহিলা মার্চলৈ চলিব লগা অধিৱেশনৰ ১৬মার্চত দাখিল হ’ব অজন্তা নেওগৰ প্ৰথমখন বাজেট।












