ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ শাওতলী হাবিছোৱাত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলতেই ঘটনাটো সংঘটিত হয়।
এই দুৰ্ঘটনাত থিতাতে আধাৰসত্ৰৰ কৃষ্ণ কমল বৰা নামৰ এজন যুৱক নিহত হোৱাৰ লগতে আন তিনিজন যুৱক গুৰুতৰভাৱে আহত হয় ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাহুল বৰপাত্ৰ বৰা, স্বপ্ননীল বৰপাত্ৰ বৰা আৰু মানস বৰাক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷












