ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটত এগৰাকী মহিলাৰ মৃতদেহ পথাৰত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অবৈধ প্ৰেমৰ পৰিনতিেয়ই এই হত্যাকাণ্ডল মূল কাৰণ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাট আৰক্ষীয়ে ফৰকাটিংৰ শিঙিজানৰ ধাননী পথাৰত জাবৰেৰে ঢাকি থোৱা অৱস্থাত মঙ্গলবাৰে হাতীয়েখোৱাৰ ৰশ্মি দত্ত নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।
মইনাপাৰাৰ ইজাজুল আলি নামৰ এজন বিবাহিত পুৰষৰ লগত মৃত মহিলাগৰাকীৰ অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল। ২৪ ছেপ্টেম্বৰৰ পৰাই ইজাজুল আৰু ৰশ্মি সন্ধানহীন হৈ আছিল। বৰ্তমান হত্যাৰ সন্দেহত ইজাজুল আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে।মহিলাগৰাকীক পলুৱাই নি হত্যা কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীয়ে।
উল্লেখ্য যে মৃত মহিলাগৰাকীৰ স্বামীৰ সৈতে হত্যাকাৰী ইজাজুল আলীৰ বন্ধুত্বৰ সম্পৰ্ক আছিল। সেই সূত্ৰই বন্ধুৰ পত্নী ৰশ্মিৰ লগত প্ৰায় ডেৰ বছৰ ধৰি ইজাজুলৰ অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল বুলি জনা গৈছে। কিহৰ ভিত্তিত এই হত্যাকাণ্ড সংঘটিত হ’বলৈ পালে সেয়া আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব। বৰ্তমান গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।












