ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বিশ্বত অসমৰ সুকীয়া অস্তিত্ব কাজিৰঙাৰে, কাজিৰঙা চহকী এশিঙীয়া গঁড়ৰ পৰিচয়েৰে। এশিঙীয়া গঁড় ৰক্ষাৰ বাবে এশ্ৰেণী সৎ, প্ৰকৃতিপ্ৰেমী আৰু নিষ্ঠাবান মানুহৰ অক্লান্ত চেষ্টাৰ পথত স্বাৰ্থন্বেষী এচাম নৃশংস মানুহে প্ৰতি মুহূৰ্ততে হেঙাৰ হৈ ঠিয় দিছে। বন কৰ্মীৰ পৰা আৰম্ভ কৰি আৰক্ষী বিষয়ালৈকে চোৰাং চিকাৰীৰ আক্ৰমণৰ বলি হ’ব লগীয়া হৈছে।
তদ্ৰুপ ঘটনাত বোকাখাতত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত যোৱা ১ অক্টোবৰত আহত হৈছে কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজ্যোতি গগৈ। বোকাখাতৰ লখৌজানত গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ আহিছিল গোলাঘাট আৰক্ষী উপ অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ সহ কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূজ্যোতি গগৈ আৰু আৰক্ষী দল। আৰক্ষীয়ে চোৰাং চিকাৰীৰ তিনিজনীয়া দলটোৰ পৰা এটা ৩০৩ ৰাইফল জব্দ কৰিবলৈ সক্ষম হয় যদিও চিকাৰী দলটোৰ মূল অভিযুক্তই কমাৰগাওঁ থানাৰ আৰক্ষী বিষয়া ময়ূৰজ্যোতি গগৈক চোকা দাৰে ঘপিয়াই আহত কৰি পলায়ন কৰে। আহত আৰক্ষী বিষয়া জনক তৎক্ষানিকভাৱে বোকাখাত চৰকাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাটলৈ ৰাতিয়ে প্ৰেৰণ কৰা হয়। বৰ্তমান আৰক্ষী বিষয়া জনক গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।












