ASSAM TIMES POST
নগাঁওঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আজি এগৰাকী মহিলাৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ তুলি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।মৃত মহিলা গৰাকীৰ নাম মীনা বেগম ।তেওঁৰ ঘৰ নগাঁও চহৰৰ কচলুখোৱাত। মহিলাগৰাকী চিকিৎসালয়খনৰ মহিলা মেডিচিন ৱাৰ্ডত ভৰ্তি হৈ আছিল।
একাংশলোকে অভিযোগ কৰা মতে , হৃদৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে চিকিৎসকৰ অভাৱৰ ভাবে উপযুক্ত চিকিৎসা লাভ কৰা নাছিল। ইপিনে চিকিৎসালয়ৰ সুত্ৰই জনোৱা মতে মহিলা গৰাকীৰ ৰোগ গুৰুতৰ হোৱা বাবে দুদিন পূৰ্বে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিয়া হৈছিল , কিন্তু পৰিয়ালে আৰ্থিক দুৰ্বলতাৰ বাবে ৰোগী গৰাকীক গুৱাহাটীলৈ নিব পৰা নাছিল ।
ফলত মহিলাগৰাকীৰ মৃত্যু হয়।ইপিনে আজি মহিলাগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি চিকিৎসালয়খনত উপস্থিত হোৱা সাংবাদিকৰ দলে শৈল্য চিকিৎসা বিভাগতো চিকিৎসক উপস্থিত নথকাৰ কথা জানিব পাৰে।দিনৰ প্ৰায় এক বজালৈকে চিকিৎসালয়খনৰ মেডিচিন বিভাগত চিকিৎসক উপস্থিত হোৱা নাছিল।তাৎপৰ্যপূৰ্ণ যে চিকিৎসালয়খনত চিকিৎসক উপস্থিত নথকাৰ প্ৰসংগত কিছুদিন পূৰ্বে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই চিকিৎসালয়খনৰ অধীক্ষক জনক কঠোৰ ব্যৱহাৰ কৰিছিল।তথাপিও পুনৰ চিকিৎসালয়খনত চিকিৎসকৰ অনুপস্থিতিৰ বাবে ৰোগীৰ মৃত্যু হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।












