টীয়কঃ মেলেং সন্দিকৈ গাঁৱৰ বিপুল ৰাজকুমাৰৰ ব্যক্তিগত চাহ বাগিচাৰ মাজত আজি বিয়লি স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰে এটা মৃত নাহৰফুটুকী বাঘ।
অৰ্ধ গলিত বাঘটো মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে দুই তিনিদিনৰ আগতেই মৃত্যু হোৱা বুলি অনুমান কৰিছে। পৰৱৰ্তী সময়ত বন বিভাগৰ লোক আহি বাঘটোৰ মৃতদেহ যোৰহাট বন সংমণ্ডলৰ কাৰ্যাললৈ লৈ যায়।
বাতৰি লিখা সময়লৈকে নাহৰফুটুকীতোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা অঞ্চলটোত প্ৰায়ে বাঘৰ মুক্ত বিচৰনে জনাঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে।












