ASSAM TIMES POST
গুৱাহাটীঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত যোৱা নিশা হোৱা গুলীয়াগুলীত এটা চোৰাং চিকাৰী নিহত হয়। বনকৰ্মী-আৰক্ষীৰ দলৰ মাজত চোৰাং চিকাৰীৰ এই গুলীয়াগুলী হয়। জানিব পৰা মতে প্ৰায় তিনিজনীয়া চোৰাং চিকাৰীৰ দলৰ মাজত এই গুলীয়াগুলী হয়। গুলীয়াগুলীৰ মাজতে বাকী কেইটা চোৰাং চিকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।
নিহত চোৰাং চিকাৰীটোৰ বুকু আৰু পেটত গুলী লাগে। প্ৰাপ্ত তথ্য মতে উদ্যানখনৰ ভিতৰত নিশা চোৰাং চিকাৰীৰ দলটোৱে গঁড় চিকাৰ কৰিবলৈ গৈছিল। উদ্যানখনত নিশা প্ৰায় ৩ বজাত এই গুলীয়াগুলীত হয় বুলি প্ৰকাশ। বনকৰ্মী আৰু মঙলদৈ আৰক্ষীৰ যুটীয়া অভিযানত হোৱা গুলীয়াগুলীত উদ্যানখনৰ বিলপাৰ বন চকী এলেকাত চোৰাং চিকাৰীটোক গুলীয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে।
নিহত চোৰাং চিকাৰীটোক বাতৰি লিখা পৰলৈকে চিনাক্ত হোৱা নাই। ইপিনে নিহত চোৰাং চিকাৰীটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অনহাতে অভিযানকাৰী দলে ঘটনাস্থলীৰ পৰা এটা ৰাইফল আৰু পাঁচ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।












