ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ ডিফু মাঞ্জা পথৰ ৫ মাইলত দেওবাৰে বিয়লি যাত্ৰীবাহী ক্ৰুইছাৰ আৰু মাৰুতি জেনৰ মুখামুখী সংঘৰ্ষত লিপ্ত হৈ সংঘটত হয় এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়া মাঞ্জাৰ পৰা ডিফু অভিমুখে আহি থকা AS-02F1905 নম্বৰৰ এখন যাত্ৰীবাহী ক্ৰুইছাৰে এখন ডাম্পাৰ গাড়ীক অভাৰ টেক কৰিবলৈ লওঁতেই ডিফুৰ পৰা মাঞ্জা অভিমুখে গৈ থকা AS-01 L 7617 নম্বৰৰ মাৰুতি জেনখনত তীব্ৰ বেগে খুন্দিয়াৰ দিয়াৰ ফলত দুয়োখন গাড়ীৰ সন্মুখৰ ভাগ যথেষ্ট ক্ষতি সাধন হয় ৷
আনহাতে উক্ত দুৰ্ঘটনাত যাত্ৰীবাহী ক্ৰুইছাৰখনৰ চাৰিজন আৰু মাৰুতি জেনখনৰ তিনিজন যাত্ৰীৰ কম-বেছি পৰিমানে জখম প্ৰাপ্ত হয় ৷ আহতসকলক চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ খবৰ পাই ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে যদিও দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাই যায় ৷ আৰক্ষীয়ে দুৰ্ঘটনা পতিত হোৱা দয়োখন গাড়ী উদ্ধাৰ কৰি থানালৈ আনে ৷