ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰিবলৈ যাওতে সাৱধান হওঁক। অন্যথা দালালৰ ৰোষত পৰিব লগা হ’ব পাৰে আপুনিও। ক্ৰমাৎ গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত বৃদ্ধি পাইছে দালালৰ আধিপত্য। বুধবাৰে ৰোগীক আই.চি.ইউ দিয়া নামত ৰোগীৰ আত্মীয় পৰা ধন লৈ হাতে-লোটে ধৰা পৰি এটা দালাল। ধৃত দালালটো নাম বিজু দাস। প্ৰাপ্ত খবৰ অনুসৰি ৰোগীক ICU দিয়াৰ নামত আত্মীয় পৰা ৭,৫০০ টকা বিচাৰিছিল ধৃত বিজুৱে। আজি আগধন হিচাপে ৫,০০০ টকা লৈ থকা সময়তে হাতে-লোটে ধৰা পৰে দালালটো।
ইফালে, ধৃত দালালটো বিৰুদ্ধে মহাবিদ্যালয়খন অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ভঙাগড় থানাত দাখিল কৰিছে এজাহৰ।
আনহাতে, ৰোগী-আত্মীয়সকললৈ আহ্বান জনাই শৰ্মাই কয়- সাৱধান হওঁক সকলো। দালালৰ প্ৰৰোচনাত ভুল নাযাব। চিকিৎসালয়ৰ কেচ কাউণ্টাৰৰ বাদে অন্য কোনো বেলেগ ব্যক্তিক পইচা নিদিব।
ইফালে, চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ পৰা দৰৱ চুৰ কৰি হাতে-লোটে মঙলবাৰে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট। ফার্মাচিষ্টজন মৃদুল ডেকা। জি.এম.চি.এইচৰ ফাৰ্মাচী প্রতিষ্ঠানত স্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত ডেকাই প্রায় ৫০ হাজাৰ টকা মূল্য ঔষধ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কেন্দ্ৰীয় ফাৰ্মাচীৰ পৰা চুৰ কৰা অৱস্থাতে ধৰা পৰে।
আনহাতে ধৃত ফাৰ্মাচিষ্টজনৰ সন্দৰ্ভত অধীক্ষক শৰ্মাই কয়- চাকৰি পৰা নিলম্বন কৰা হ’ব অভিযুক্ত ফাৰ্মাচিষ্ট ডেকাক।
পূৰ্ব পৰা বহু অভিযোগ আছিল তেওঁ বিৰুদ্ধে। তীক্ষ্ণ দৃষ্টি ৰখা হৈছিল ডেকাৰ ওপৰত। ডিউটিত নথকা অৱস্থাত মঙলবাৰে ডিউটিলৈ অহাত সন্দেহ হৈছিল। তাৰ পিছতে ছিকিউৰিটিয়ে বেগ পৰীক্ষা কৰাত ৫০হাজাৰ টকাৰ দৰৱ পোৱা যায় তেওঁ পৰা।