নিউজ ডেস্ক
মেঘালয়ত ক্ৰমাৎ শক্তি বৃদ্ধি কৰিছে তৃণমূল কংগ্ৰেছে। ঘাঁহফুল শিবিৰত এইবাৰ যোগদান কৰিলে মেঘালয় যুৱ কংগ্রেছৰ সদ্য প্রাক্তন সভাপতি ৰিচার্ড মাৰাকে। উল্লেখ্য, কেইদিনমান পূৰ্বেই মুকুল চাংমাসহ ১২ জন কংগ্ৰেছ বিধায়কে তৃণমূলত যোগদান কৰিছিল। যাৰ ফলত ৰাজ্যখনত প্রধান বিৰোধী দল হৈ উঠে তৃণমূল। এতিয়া যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ যোগদানে মেঘালয়ত তৃণমূলৰ শক্তি যে আৰু বৃদ্ধি কৰিব সেয়া নিশ্চিত।
বুধবাৰে নিউ তুৰা আইন কলেজত অনুষ্ঠিত জনসভাত আনুষ্ঠানিকভাবে তৃণমূলত যোগদান কৰে মাৰাকে। তেওঁৰ সৈতে যোগদান কৰে যুৱ কংগ্রেছৰ বহুকেইগৰাকী বিষয়ববীয়াসহ সদস্যই।