ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৩১ নৱেম্বৰত কাৰবি আংলং জিলাৰ বকলীয়াঘাটত ৫ লক্ষাধিক টকাৰ মূল্যৱান কাঠসহ ১০জন দুষ্কৃতিকাৰীক আৰক্ষীয়ে আটক কৰাৰ ঘটনা মাৰ নৌযাওতেই আজি জিলাখনৰ সদৰ চহৰ ডিফুতো জব্দ কৰা হয় প্ৰায় লক্ষ্যাধিক টকাৰ কাঠ ৷ কাঠখিনিৰ সৈতে বনবিভাগে আটক কৰে ৯জনকৈ লোকক ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চেণ্ট্ৰেল ৰেঞ্জৰ সহকাৰী বনসংৰক্ষক প্ৰণৱ তেৰাঙে কয় যে, মঙলবাৰে নিশা চলোৱা যুটীয়া অভিযান কালত হাবিত গাড়ীৰ শব্দ পাই প্ৰথমতে এখন ট্ৰাকত প’মা আৰু কাঠৰ ফাণ্টা বোজাই কৰা দেখা পাই চালকসহ ৯ জনকৈ লোকক আটক কৰিবলৈ সৰম হয় ৷ ধৃত লোককেইজনে কাঠখিনি বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰা বুলি স্বীকাৰ কৰা বুলি কয় ৷
ইয়াৰ পিছত কাঠ বোজাই কৰা ট্ৰাকখনলৈ আহি থকা সময়ত জিলাংচ’আৰু ৰংহাঙ গাঁৱৰ মাজত এএছ ০৯ চি ১৬১৩ পঞ্জীয়ন নম্বৰৰ এখন বলেৰ’ ট্ৰাকতো প’মা আৰু ফাণ্টা কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ কাঠখিনি সৰবৰাহৰ লগত জড়িত ৯ জনকৈ লোকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় ৷ লোক কেইজন ক্ৰমে, চালক চুম বে’, কুনাল তামাঙ, সুনিল তিৰ্কী, বাবটু ভূঞা, চক্ৰৱৰতী প্ৰধান, কৃষ্ণ ভূঞা, নন্দ কুমাৰ সিঙউ, ছাৰ্থে ৰংফাৰ আৰু ৰুবিল পুমা ৷ অভিযানটোৰ নেতৃত্ব দিয়ে বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ এচিএফ প্ৰণৱ তেৰাঙে পূৱ আৰু পশ্চিম প্ৰটেকছন ৰেঞ্জৰ বিষয়া ক্ৰমে, বাবুল ৰংপি আৰু মণ্ডল ইংলেঙ ৷