ষ্টাফ ৰিপ’ৰ্টাৰ
পাঠদান এৰি মঙলবাৰে প্ৰতিবাদত বহিল শিক্ষক। প্ৰাপ্য বিচাৰি চছল প্ৰতিবাদস্থলীত ধৰ্ণা ৰূপায়ণ সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাৰ। চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে প্ৰায় দুই শতাধিক অ-প্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী। উল্লেখ্য যে চাকৰি নিয়মীয়াকৰণৰ লগতে পদ প্ৰাদেশীকৰণ আইন, ২০১৭ আৰু সংশোধনী আইন ২০১৮ দফা সংশোধনী দাবীৰে শিক্ষকসকলে প্ৰতিবাদ ৰূপায়ণ কৰে। পদ প্ৰাদেশিকৰণ সংশোধনী আইন শিক্ষকসকলৰ বাবে অভিশাপ স্বৰূপ। এই আইনে প্ৰাদেশিককৰণ অনুমতি নিদিয়ে ৰাজ্য অ-প্রাদেশীকৃত বিদ্যালয়- প্ৰতিবাদ অংশগ্ৰহণ লৈ এইদৰে কয় সন্থাৰ সম্পাদক হৰমোহন বৰাই। অন্য শিক্ষকৰ দৰে আমিও ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি মানুহ কৰিছোঁ। কিন্তু সেইসকল শিক্ষকৰ দৰে আমাক প্ৰাপ্য নিদিয়ে লগতে তেওঁ কয়।
উল্লেখ্য যে ১২দফীয়া দাবীৰে সাব্যস্ত কৰা ধৰ্ণা কাৰ্যসূচীত বৰাই জানিব দিয়া অনুসৰি সমগ্ৰ ৰাজ্যত প্ৰায় ১২০০খন অপ্ৰাদেশিকৃত বিদ্যালয় ৫০০০জন অ-প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী জড়িত হৈ আছে।
গুৰুত্বপূৰ্ণ শিক্ষকসকলে বিভিন্ন সময়ত প্ৰতিবাদ ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে দাবীৰ প্ৰতি জনোৱা নাই কোনো সঁহাৰি। ইফালে নৱ-নিযুক্ত শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ আহ্বান জনাইছিল। সেই মৰ্মে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি বৰ্তমানলৈ সাক্ষাৎ অনুমতি লাভ কৰা নাই শিক্ষক কৰ্মচাৰীসকলে।