![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দুৰ্নীতি আৰু ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ৰাজ্য প্ৰশাসন। এইবাৰ উৎকোচ লৈ হাতে লোতে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালী। শুকুৰবাৰে পৌৰ নিগমৰ ফাঁচী বজাৰ কাৰ্যালয়ত ৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হয় অভিযন্তাগৰাকীৰ।
প্ৰাপ্ত খবৰ মতে -ঠিকাদাৰক নলা পৰিষ্কাৰ নিবিদা আদায়ৰ বাবত ঠিকাদাৰগৰাকী পৰা ৩০শতাংশ ধন বিচাৰিছিলে ধৃত মালীয়ে। আগধন হিচাপে ৫ হাজৰ টকা লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ হয়।
ইফালে অভিযন্তাগৰাকীক গ্ৰেপ্তাৰ পাছতে ফটাশিলৰ ঘৰত অভিযান চলায় ৮ লাখ টকা জব্দ কৰে দুৰ্নীতি নিবাৰক শাখায়।













