ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

Staff Reporter by Staff Reporter
June 2, 2026
Reading Time: 1 min read
A A
0
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

হৰমুজ প্ৰণালীক লৈ চলি থকা অনিশ্চয়তা এতিয়াও কমি যোৱা নাই। এইবাৰ ইৰাণে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ (Iran Crisis) আন এক গুৰুত্বপূৰ্ণ জলপথ নিয়ন্ত্ৰণ কৰাৰ সকীয়নি দিছে।

Iran crisis ।
হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি:

যদিহে গাজা আৰু লেবাননৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযান বন্ধ নহয় তেন্তে বাব আল-মাণ্ডেব প্ৰণালীতো হৰমুজৰ দৰেই একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। এই সতৰ্কবাণী সোমবাৰে ইৰাণৰ সেনাৰ কুৰ্দছ বাহিনীৰ অধিনায়ক ইছমাইল কানীয়ে দিয়ে।

লোহিত সাগৰ আৰু এডেন উপসাগৰক সংযোগ কৰা বাব আল-মাণ্ডেব প্ৰণালী ইৰাণৰ পৰা বহু দূৰত অৱস্থিত। এই প্ৰণালী ইৰাণৰ দক্ষিণ উপকূলৰ পৰা প্ৰায় দুই হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত। যদিও প্ৰত্যক্ষভাৱে নহয়, ইৰাণৰ এই সাগৰীয় পথটো নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। কাৰণ বাব আল-মাণ্ডেবৰ উত্তৰ-পূবত আছে য়েমেন। জলপথৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাটো য়েমেনৰ বাবে অতি সহজ।

ইৰাণৰ সমৰ্থনত য়েমেনত আছে সশস্ত্ৰ হুথী গোট। ইৰাণৰ সামৰিক সেনাধ্যক্ষগৰাকীয়েও বাব আল-মাণ্ডেবক নিয়ন্ত্ৰণ কৰাৰ সতৰ্কবাণী দিয়াৰ সময়ত সেই দিশটোলৈ আঙুলিয়াই দিছিল।
এই বিষয়ত দিয়া মন্তব্যত কানীয়ে ‘ৰেজিষ্টেন্স এক্সিছ’ৰ (ইৰাণ আৰু ইয়াৰ মিত্ৰ দেশসমূহক এই নামেৰে জনা যায়) কথা উল্লেখ কৰিছে।

তেওঁ কয়, “আমেৰিকাৰ ছত্ৰছায়াত থকা ইজৰাইলে যদি লেবানন আৰু গাজাত আক্ৰমণ বন্ধ নকৰে তেন্তে ‘ৰেজিষ্টেন্স এক্সিছ’-এ দুয়োটা ফ্ৰণ্টতে ব্যৱস্থা গ্ৰহণ কৰিব। হৰমুজৰ দৰে বাব আল-মাণ্ডেব প্ৰণালীতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
বাব আল-মাণ্ডেব বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক জলপথ।

এফালে য়েমেন, আনফালে আফ্ৰিকা মহাদেশৰ জিবুতি আৰু ইৰিত্ৰিয়া। এই প্ৰণালীৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে ১৩০ আৰু ৪০ কিলোমিটাৰ। কিন্তু কোনো কোনো ঠাইত ইয়াৰ প্ৰস্থ মাত্ৰ ৩০-৩৩ কিলোমিটাৰ। কোনো কোনো ঠাইত ইয়াতকৈও সংকীৰ্ণ, মাত্ৰ ২৬-২৯ কিলোমিটাৰ।

বৰ্তমান বাব আল-মাণ্ডেব কৰিড’ৰেৰে দৈনিক প্ৰায় ৮৮ লাখ বেৰেল তেল পৰিবহণ কৰা হয়। তদুপৰি বিশ্বৰ প্ৰায় ১০-১২ শতাংশ সামুদ্ৰিক বাণিজ্য উক্ত পথেৰে পাৰ হৈ যায়। এই গুৰুত্বপূৰ্ণ পথটো বন্ধ হ’লে আন্তঃৰাষ্ট্ৰীয় ইন্ধনৰ মূল্য নিয়ন্ত্ৰণহীন হৈ পৰাৰ সম্ভাৱনা আছে।

লোহিত সাগৰ আৰু এডেন উপসাগৰৰ মাজৰ এই সাগৰীয় পথটো ইউৰোপ আৰু এছিয়াৰ মাজত বাণিজ্যৰ বাবেও অতি গুৰুত্বপূৰ্ণ। বহু ইউৰোপীয় লোকে ইয়াক ‘দক্ষিণৰ প্ৰৱেশদ্বাৰ’ বুলিও বৰ্ণনা কৰে।

এই জলপথৰ মাজেৰে হাজাৰ হাজাৰ মালবাহী জাহাজ পাৰ হৈ যায়। যদি জাহাজে এই প্ৰণালী এৰাই চলিব লাগে, তেন্তে আফ্ৰিকাৰ ‘কেপ অব গুড হ’প’ৰ কাষেৰে ঘূৰিব লাগিব। ইয়াৰ ফলত যাত্ৰা দীঘলীয়া হ’ব আৰু ইন্ধনৰ খৰচ বৃদ্ধি পাব।

ইৰাণ সমৰ্থিত হুথী গোটটোৱে য়েমেনৰ পশ্চিম উপকূলৰ এক বৃহৎ অংশ নিয়ন্ত্ৰণ কৰে। অতীতত বিভিন্ন সময়ত ড্ৰোন আৰু বিস্ফোৰকভৰ্তি সৰু নাৱেৰে গোটটোৱে জাহাজত আক্ৰমণ চলাই আহিছে।

কিন্তু এই জলপথটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাটো সহজ নহ’বও পাৰে। কাৰণ জবুটি প্ৰণালীটোৰ সিটো পাৰে অৱস্থিত। তাত বিভিন্ন শক্তিশালী দেশৰ সামৰিক ঘাটি আছে। আমেৰিকাৰ উপৰি চীন, ফ্ৰান্স, জাপান আৰু ইটালীৰো জিবুটিত সামৰিক ঘাটি আছে।

বাণিজ্য পথটো সুৰক্ষিত কৰি ৰাখিবলৈ পৰ্যাপ্ত নৌসেনা বাহিনীও নিয়োগ কৰিছে। উল্লেখ্য যে ইৰাণ-ইৰাক যুদ্ধ আৰম্ভ হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত তেহৰানেও বাব আল-মাণ্ডেবৰ নিয়ন্ত্ৰণ লোৱাৰ ভাবুকি দিছিল। কিন্তু শেষত তেওঁলোকে এনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

Tags: আন এটা প্ৰণালীইৰাণৰ পুনৰ সকীয়নিহৰমুজৰ দৰে অৱৰোধ কৰিব
Share4Tweet3Send

Related Posts

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

by Staff Reporter
June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

by Staff Reporter
June 2, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

by News Desk
June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

by News Desk
June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

by News Desk
June 1, 2026
50
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি
National-International

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

by News Desk
June 1, 2026
50
ADVERTISEMENT
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
50
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx