![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধত পৌৰ নিগমৰ লাখ টকীয়া ৰবৰ্ট ব্যৰ্থ হ’ল। গুৱাহাটী উন্নয়নৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ব্যয় বহুল শুভাৰম্ভনি অনুষ্ঠানত মুকলি কৰা ৰৱর্তে মহানগৰী নলা-নৰ্দমাৰ কিমান পৰিষ্কাৰ কৰিলে গুৱাহাটীৰ জনতাই দেখিলে। এইবাৰ গুৱাহাটী জনতাক কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰিবলৈ মন্ত্ৰীৰ অশোক সিংহাল নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগমে ক্ৰয় কৰিছে কোটি টকীয়াৰ ছুপাৰ চাকাৰ। দিল্লী পৰা ক্ৰয় কৰি অনাৰ অত্যাধুনিক ছুপাৰ চাকাৰ বুধবাৰে নিশা চানমাৰিত সমপৰীক্ষামূলকভাৱে আৰম্ভ কৰে।
নিগম কৰ্তৃপক্ষই অৱগত কৰা মতে নলা-নৰ্দমাত জমা হৈ থকা বিভিন্ন জাৱৰ আৰু বালি উলিয়াই আনিব ।
উল্লেখ যে পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ বাবে ক্ৰয় কৰিব ১০খন ছুপাৰ চাকাৰ। ইয়াৰ বাবে ব্যয় হৈছে ১০ কোটি টকা-এই কথা জনাই নিগম কৰ্তৃপক্ষই।
চানমাৰিৰ প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা বুধবাৰে নিশা ৪ খন ছুপাৰ চাকাৰে নিষ্কাষণ কৰে নলা- নৰ্দমাৰ।













