![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীবাসীৰ বাবে দুখবৰ। ২২ অক্টোবৰ পৰা মহানগৰীত নাপাবা পেট্ৰ’ল। উত্তৰ-পূৱ পেট্ৰ’লিয়াম ডিলাৰ্ এছচিয়েচনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ৪৮ঘণ্টাৰ বাবে মহানগৰীত বন্ধ ৰাখিব পেট্ৰ’ল বিক্ৰী। বুধবাৰে জাননী জৰিয়তে এই কথা প্ৰকাশ। ২২অক্টোবৰৰ পুৱা ৬বজাৰ পৰা ২৪ অক্টোবৰ পুৱা ৬বজালৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প।
উল্লেখ বাণিজ্যিক কৰ আৰোপ কৰাত বৈষম্য অভিযোগত এই সিদ্ধান্ত গ্ৰহণ সংস্থা। পেট্ৰ’লত অধিক মিথাইনল মিহলি কৰা উপৰিও মুঠ ১০টা দাবীত বন্ধ ৰাখিব পেট্ৰল পাম্প।













